শদিয়া, 8 জুন : আৰ্থিক দৈন্যতা যে সফলতাৰ হেঙাৰ হব নোৱাৰে তাকে প্ৰমাণ কৰিলে কাকপথাৰৰ সুনিতা সিঙে ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৭.৬৭ শতাংশৰে গৌৰৱ কঢ়িয়াই আনিছে কাকপথাৰলৈ ৷ কাকপথাৰ গন্ধিগুৰী ফৰেষ্টগেটৰ খৰি বিক্ৰী কৰা নতুবা দিন হাজিৰা কৰা ৰাজেশ সিঙে কন্যা সুনিতাক কাকপথাৰৰ ৰাধাকৃষ্ণন একাডেমিত নামভৰ্ত্তি কৰাইছিল ৷ ছাত্ৰীগৰাকীৰ ঘৰৰ অৱস্থা আৰ্থিকভাবে টনকীয়াল নোহোৱাৰ কথা অনুধাৱন কৰি বিদ্যালয়খনেও বিভিন্ন ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা কৰিছিল ৷
দৰিদ্ৰ পৰিয়ালটোলৈ আশাৰ ৰেঙনি আনিছে সুনিতাই - সুনিতা
সুনিতাই ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ঐচ্ছিক অংকত লেটাৰ সহ সৰ্বমুঠ ৫২৩ নম্বৰে ৮৭.৬৭ শতাংশৰে নিজ বিদ্যালয়ৰ লগতে কাকপথাৰলৈ সু-নাম কঢ়িয়াই আনিছে ৷
খৰি বিক্ৰী কৰা পিতৃৰ কন্যাৰ সাফল্য
লগতে পঢ়কঃ দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী
সুনিতাই ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ঐচ্ছিক অংকত লেটাৰ সহ সৰ্বমুঠ ৫২৩ নম্বৰে ৮৭.৬৭ শতাংশৰে নিজ বিদ্যালয়ৰ লগতে কাকপথাৰলৈ সু-নাম কঢ়িয়াই আনিছে ৷ ভৱিষ্যতে বিজ্ঞান শাখাত নামভৰ্তি কৰি চিকিৎসক হোৱাৰ আশা পুহি ৰখা ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ বাবে এতিয়া লাগে চৰকাৰ, জন প্ৰতিনিধি, দল-সংগঠন তথা সদাশয় ৰাইজৰ সহায় সহযোগিতা ৷