অসম

assam

By

Published : Nov 8, 2019, 10:24 AM IST

ETV Bharat / state

কাকপথাৰত 20 গাড়ী কয়লাক লৈ চাঞ্চল্য

কাকপথাৰৰ চেলেংগুৰীত এটা ইটা ভাটাত বিশ গাড়ী কয়লা মজুত কৰি ৰখাক লৈ চাঞ্চল্য অঞ্চলটোত ৷ বৃহৎ পৰিমাণৰ কয়লাখিনি ক'ৰ পৰা,কেতিয়া,কেনেকৈ আহিল,তাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত দাবী দুই সংগঠনৰ ৷

কাকপথাৰত 20 গাড়ী কয়লাক লৈ চাঞ্চল্য

তিনিচুকীয়া,8 নৱেম্বৰঃ তিনিচুকীয়া জিলাত অবৈধ কাঠ,কয়লাৰ ৰমৰমীয়া বেহাৰ বাতৰি প্ৰকাশ পাই থকাৰ মাজতেই জিলাখনৰ কাকপথাৰস্থিত এটা ইটাভাটাত ২০ গাড়ীতকৈ অধিক অবৈধ কয়লা মজুত থকাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাকপথাৰৰ চেলেংগুৰীত জনৈক সিং উপাধিৰ ইটাভাটাটোত চাৰিটাকৈ ঠাইত সৰ্বমুঠ প্ৰায় বিশ গাড়ী কয়লা মজুত কৰি ৰখা হৈছে ৷ বৰ্তমান তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰত কয়লা ৰপ্তানী বন্ধ থকাৰ পৰিপেক্ষিতত ক'ৰ পৰা ইমান বৃহৎ সংখ্যক কয়লা মজুত কৰিলে,সেইয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে ৰাইজৰ বাবে ৷

ইটা ভাটাত বিশ গাড়ী কয়লা মজুত কৰি ৰখাক লৈ চাঞ্চল্য

জানিব পৰা অনুসৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাঙৰ পৰা উক্ত কয়লাখিনি অবৈধ ভাৱে আনিছিল লোকজনে ৷ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ হৈ ডিৰাক গেটেদি কাকপথাৰ চহৰৰ মাজেদি ইমান বৃহৎ সংখ্যক চোৰাং কয়লা অহাৰ পিছতো স্থানীয় আৰক্ষী তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোৱেও ৰহস্যৰ সৃষ্টি কৰিছে ৷

কাকপথাৰত 20 গাড়ী কয়লাক লৈ চাঞ্চল্য

ইফালে ইটা ভাটাটোত অবৈধ কয়লা মজুত থকা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে যুৱ কংগ্ৰেছে ৷ উক্ত বৃহৎ পৰিমাণৰ চোৰাং কয়লা ক'ৰ পৰা,কেতিয়া,কেনেকৈ আহিল,তাৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে সংগঠন দুটাই ৷ স্থানীয় আৰক্ষী তথা জিলা প্ৰশাসনে অতি সোনকালে অবৈধ কয়লাখিনি জব্দ কৰাৰ লগতে চোৰাং কয়লা সৰবৰাহ কৰা লোকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়কঃ

ABOUT THE AUTHOR

...view details