কাকপথাৰ, 12 মাৰ্চঃচাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে কাকপথাৰৰ কুমচাং চাহ ফেক্টৰীৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, পি.এফৰ ধন মোকলাই দিয়া, শ্ৰমিকৰ বকেয়া ধনৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা, বাগিছাত খালী হোৱা নতুবা প্ৰয়োজনীয় পদত শিক্ষিত চাহ জনগোষ্ঠীৰ লোকক নিযুক্তি দিয়া, বাগিছাৰ চিকিৎসালয়ত উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা কৰা আৰু বাগিছাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে ৷ দিনৰ 11 বজাৰ পৰা 1 বজালৈ কুমচাং চাহ ফেক্টৰীৰ সন্মুখত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিচত, কুমচাং চাহ বাগিচাৰ মুখ্য পৰিচালকে প্ৰতিবাদকাৰীৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যাসমূহ দুৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷
ভিন্ন দাবীৰে কাকপথাৰত প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকৰ - বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, পি.এফৰ ধন মোকলাই দিয়া, শ্ৰমিকৰ বকেয়া ধনৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা, বাগিছাত খালী হোৱা নতুবা প্ৰয়োজনীয় পদত শিক্ষিত চাহ জনগোষ্ঠীৰ লোকক নিযুক্তি দিয়া ইত্যাদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে কাকপথাৰৰ কুমচাং চাহ ফেক্টৰীৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে চাহ শ্ৰমিক সকলে ৷

প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকৰ
ভিন্ন দাবীৰে কাকপথাৰত প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকৰ