অসম

assam

By

Published : Apr 23, 2021, 11:20 AM IST

Updated : Apr 23, 2021, 1:21 PM IST

ETV Bharat / state

চেঙেলীজানত সতী সাধনী দিৱসৰ সফল সামৰণি

কাকপথাৰ চেঙেলীজানত সতী সাধনী দিৱসৰ সফল সামৰণি ৷ ক’ভিডৰ বাবে বাতিল সাংস্কৃতিক সন্ধিয়া ৷

চেঙেলীজানত সাধনী দিৱসৰ সফল সামৰণি
চেঙেলীজানত সাধনী দিৱসৰ সফল সামৰণি

শদিয়া, 23 এপ্ৰিল :তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেঙেলীজান গাঁৱত অনুষ্ঠিত হোৱা সতি সাধনী দিৱসৰ সফল সামৰণি পৰে ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতি, সদৌ চুতীয়া জাতি মহিলা সন্মিলন চেঙেলীজান শাখা, চেঙেলীজান যুৱক সংঘৰ উদ্যোগত তথা কাকপথাৰবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সতি সাধনী দিৱসৰ প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰ পিচতেই মূল তোৰণ উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পন অনুষ্ঠিত হয় ৷ তাৰ পাচতেই ভিন্ন প্ৰতিযোগিতাৰ লগতে সন্ধিয়ালৈ বিৰাংগনা সাধনী নামৰ নাটখন মনস্থ কৰে ৷

চেঙেলীজানত সাধনী দিৱসৰ সফল সামৰণি

বৃহস্পতিবাৰে বিহুৱতী প্ৰতিযোগিতাৰ পিচতেই মুকলি আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই ৷ সভাত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সূৰ্য চুতীয়া, অধ্যাপক ড৹ নীলিম সেনাপতি, চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰতন বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ নিশাৰ সাংস্কৃতিক সন্ধিয়া ৰাজ্যত ক’ভিডৰ ভয়াৱহতাৰ বাবে বাতিল কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

Last Updated : Apr 23, 2021, 1:21 PM IST

ABOUT THE AUTHOR

...view details