শদিয়া, 28 জুলাই : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈছে চুৰি কাণ্ড ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা কাকপথাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰা দুৰ্বৃত্তই চুৰি কৰি নিয়ে দমকল আৰু মটৰ মেচিন ৷ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় হৈছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে কাকপথাৰ এই শাখাটোত নাই কোনো ধৰণৰ নিৰাপত্তা নাইবা সু-শৃংখলতা ৷
কাকপথাৰ প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত চুৰি কাণ্ড - Assam education department latest news
শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ত নাই কোনো নৈশ চকীদাৰ ৷ সম্পূৰ্ণ বিশৃংখলভাৱে দৈনিক কাম কাজ চলি আহিছে এই কাৰ্যালয়ত ৷ কাৰ্যালয় গৃহৰ কোঠা সমূহত নাই কোনো ধৰণৰ নিৰাপত্তা ৷ গৃহটোৰ প্ৰৱেশ দ্বাৰত এখন প্ৰকাণ্ড লোহৰ দৰ্জা আছে যদিও নামতহে ৷ কাৰণ দৰ্জাখনৰ ফাকেৰে বতাহ আৰু ওপৰেৰে চোৰ বিনাদ্বিধাই পাৰা হ’ব পাৰে ৷ চোৰে কাৰ্যালয়টোৰ কম্পিউটাৰ সহ আচবাব সমূহো লৈ যোৱাৰ চেষ্টা চলাই যদিও বিফল হয় ৷
তথ্য অনুসৰি, শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যালয়ত নাই কোনো নৈশ চকীদাৰ ৷ সম্পূৰ্ণ বিশৃংখলভাৱে দৈনিক কাম কাজ চলি আহিছে এই কাৰ্যালয়ত ৷ কাৰ্যালয় গৃহৰ কোঠা সমূহত নাই কোনো ধৰণৰ নিৰাপত্তা ৷ গৃহটোৰ প্ৰৱেশ দ্বাৰত এখন প্ৰকাণ্ড লোহৰ দৰ্জা আছে যদিও নামতহে ৷ কাৰণ দৰ্জাখনৰ ফাকেৰে বতাহ আৰু ওপৰেৰে চোৰ বিনাদ্বিধাই পাৰ হ’ব পাৰে ৷ চোৰে কাৰ্যালয়টোৰ কম্পিউটাৰ সহ আচবাব সমূহো লৈ যোৱাৰ চেষ্টা চলাই যদিও বিফল হয় ৷
কাৰ্যালয়ৰ কৰ্মচাৰীয়ে জানিব দিয়া মতে দীৰ্ঘদিনৰ পৰা উক্ত বিভাগৰ জিলা বিষয়া কাৰ্যালয়ত নৈশ চকীদাৰ আদি কৰি বিভিন্ন বিষয়ক লৈ আবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় বিষয়াসকলে ৷ পূৰ্বতেও এই কাৰ্যালয়টোত এনে ধৰণৰ চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ কাৰ্যালয় তৰফৰ পৰা জিলা বিষয়া কাৰ্যালয়ত সম্পূৰ্ণ বিষয় সমূহ অৱগত কৰা হৈছে ৷ কিন্তু কাৰ দায়িত্বহীনতাৰ বাবে বিয়াগোম শিক্ষা বিভাগৰ এই কাৰ্যালয়টোত চোৰে বাৰম্বাৰ চুৰি কৰিবলৈ সুবিধা লাভ কৰিছে সেয়াহে ডাঙৰ প্ৰশ্ন ৷