তিনিচুকীয়া,10 ফেব্ৰুৱাৰী:তিনিচুকীয়াত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰি, ডকাইতি, লুটপাতৰ দৰে ঘটনাসমূহ ৷ সোমবাৰে দিন-দুপৰতেই তিনিচুকীয়া গেলাপুখুৰী পথৰ গুণীন হাজৰিকা পথৰ সন্মুখত ককৰাতলী গাঁৱৰ নিৱাসী ৰূপালী গগৈ নামৰ মহিলাগৰাকীৰ পৰা চিলনী চোৰে কাঢ়ি নিয়ে2 লাখ 20 হাজাৰ টকা ৷ মহিলাগৰাকীৰ ভাষ্য অনুসৰি, টকাখিনি বেংকৰ পৰা উলিয়াই স্কুটীৰ দিকিত লৈ, দোকান এখনৰ সন্মুখত ৰৈ দিকি খুলাৰ লগে লগেই উক্ত ঘটনাটো সংঘটিত হয় ৷
তিনিচুকীয়াত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস - তিনিচুকীয়াত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস
পৰৱৰ্তি সময়ত মহিলাগৰাকীয়ে তিনিচুকীয়া সদৰ থানাত এখন এজাহাৰ ৰুজু কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ CCTV ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ৷ CCTV ফুটেজ অনুসৰি, এখন ক’লা ৰঙৰ নম্বৰ প্লেট নথকা পালছাৰ মটৰ চাইকেলত অহা দুই চিলনী চুৰে মহিলাগৰাকীক পূৰ্ৱৰ পৰাই অনুসৰণ কৰি আহিছিল ৷
পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে তিনিচুকীয়া সদৰ থানাত এখন এজাহাৰ ৰুজু কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ CCTV ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে ৷ CCTV ফুটেজ অনুসৰি, এখন ক’লা ৰঙৰ নম্বৰ প্লেট নথকা পালছাৰ মটৰ চাইকেলত অহা দুই চিলনী চুৰে মহিলাগৰাকীক পূৰ্ৱৰ পৰাই অনুসৰণ কৰি আহিছিল ৷
উল্লেখ্য যে, সকলো দিশৰ পৰাই আৰক্ষীয়ে ভৰি থকা তিনিচুকীয়া চহৰখনত এনেদৰে সঘনাই হৈ থকা ঘটনাক আৰক্ষীয়ে ৰোধ কৰিবলৈ সক্ষম হ’ব নে মাথো তদন্তৰ ওপৰত তদন্ত অব্যাহত থাকিব সেয়া অতি লক্ষ্যণীয় বিষয় হৈ ৰ’ব ৷