শদিয়া, 24 মে':সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে ক’ভিড প্ৰট’কল ৷ সমান্তৰালভাৱে ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এইবাৰ নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাকপথাৰৰ দপথাৰ গাঁওবাসীয়ে ৷
ৰাজ্যত ক’ভিড-19য়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত কাকপথাৰৰ দপথাৰ গাঁৱলৈ যোৱা পথটোত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰৱেশত বাধা প্ৰদানৰ সিদ্ধান্ত গাঁওবাসীৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঁওখনলৈ যোৱা মুখ্য পথটোত বাঁহ বান্ধি বিনা অনুমতিত প্ৰৱেশত বাধা দিছে ৰাইজে ৷