অসম

assam

By

Published : May 15, 2021, 7:39 AM IST

ETV Bharat / state

কাকপথাৰৰ কুমচাং লাইনলৈ বাহিৰা লোকৰ প্ৰৱেশ নিষেধ

ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰ ৷ কাকপথাৰৰ কুমচাং লাইনবাসীয়ে বন্ধ কৰি দিলে লাইনত সোমোৱা সকলো পথ ৷ কৰ’ণাৰ ভয়াৱহতাৰ এই সময়চোৱাত যাতে বাহিৰা লোকে অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা কৰিছে অঞ্চলবাসীয়ে ৷

road-blocked-by-locals-due-to-covid-pendamic
কৰ’ণাৰ ত্ৰাস: কাকপথাৰৰ কুমচাং লাইনলৈ বাহিৰা লোকৰ প্ৰৱেশ নিষেধ

শদিয়া,15 মে’: ৰাজ্যত কৰ’ণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত কাকপথাৰৰ কুমচাং লাইনবাসীয়ে বন্ধ কৰি দিলে লাইনত সোমোৱা সকলো পথ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুমচাং লাইন, ষ্টাফলৈ যোৱা পথসমুহ জেওৰা ভেটি বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে ৷ কৰ’ণাৰ ভয়াৱহতাৰ এই সময়চোৱাত যাতে বাহিৰা লোকে অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা কৰিছে অঞ্চলবাসীয়ে ৷

কাকপথাৰৰ কুমচাং লাইনলৈ বাহিৰা লোকৰ প্ৰৱেশ নিষেধ

কুমচাং চাহ ফেক্টৰীলৈ যোৱা মুখ্য পথটোত প্ৰহৰী থকা হেতুকে উক্ত পথটোৰ বাহিৰে এতিয়া বৃহৎ চাহ বাগান তথা ফেক্টৰীলৈ যোৱা সকলো পথ বন্ধ কৰি কুমচাঙবাসীয়ে একপ্ৰকাৰ বহিঃজগতৰ লগতে যোগাযোগ বন্ধ ৰাখি কৰ’ণাৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা দেখা গৈছে ৷

লগতে পঢ়ক: ক'ভিডকালত এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা: ৩৫ শতাংশলৈ বিক্ৰী হ্ৰাস

ABOUT THE AUTHOR

...view details