আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ তিনিচুকীয়াত - তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি
কৰম সন্মিলনত দুটা ফৈদৰ কাজিয়াক কেন্দ্ৰ কৰি দেওবাৰে তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি ৷ যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত ক্ষোভিত সাধাৰণ জনতা ৷
তিনিচুকীয়া , 15 চেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰডুবি-বস্তিলাইনত যোৱা নিশা কৰম সন্মিলনত দুটা ফৈদৰ মাজত কিছু কথাত মনোমালিন্য ঘটে ৷ এই ঘটনাৰ গইনা লৈ এটা ফৈদৰ কেইজনমান যুৱকে বস্তিলাইনৰ আমিন এক্কা নামৰ এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু অচেতন অৱস্থাত ওচৰৰে এখন নৈত পেলাই থৈ যায় ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে বৰডুবি-বস্তিলাইন অঞ্চল ৷ দেওবাৰে ফিল'বাৰী আৰু ডুমডুমা আৰক্ষীক অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ ফিল'বাৰী-ডুমডুমা সংযোগী পথ অৱৰোধ কৰি ৰাখে অঞ্চলটোৰ লোকসকলে ৷ অভিযোগ অনুসৰি বৰডুবি ২ নম্বৰ লাইনৰ আক্ৰমণকাৰী যুৱকৰ দলটোৱে ইয়াৰ পূৰ্বেও এনেধৰণৰ আক্ৰমণৰ ঘটনাত জড়িত আছিল যদিও আৰক্ষীয়ে দলটোক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ ফলত পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে বহু যানবাহন ৷ পাছত পথ অৱৰোধস্থলীত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ লগত পৰিস্থিতি শান্ত কৰাৰ বাবে আলোচনাত মিলিত হয় ৷