10 এপ্ৰিল, জাগুন :মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইল বিষ্ণুমন্দিৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন শিল কঢ়িওৱা ডাম্পাৰত তীব্ৰ গতিত অহা দুখন মটৰ চাইকেল AS23-Y-9768 আৰু AS-23AA-1607 য়ে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহী ৷ আঘাতপ্ৰাপ্ত যুৱক কেইজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ জাগুন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্য়ে, চিকিৎসকে যুৱক দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
জাগুনত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আছু কৰ্মী - মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা
মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইল বিষ্ণুমন্দিৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হয় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী সুৰজিত বৰুৱা ৷
![জাগুনত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আছু কৰ্মী Road accident Jagun](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11358412-thumbnail-3x2-juk.jpg)
জাগুনত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
জাগুনত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা
কিন্তু শেহতীয়াকৈ পোৱা তথ্য অনুসৰি সুৰজিৎ বৰুৱা নামৰ এজন যুৱক ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ইফালে, মৃত সুৰজিত বৰুৱা মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই শোক প্ৰকাশ কৰি জনায় যে, তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ অৰ্ধ পতাকা ওলমাই ৰাখি সতীৰ্থ গৰাকীৰ বাবে শোক দিৱস পালন কৰিব ।