অসম

assam

ETV Bharat / state

সোণজানত ট্ৰাকৰ তলত সোমাল বাইক - সোণজানত পথ দুৰ্ঘটনা

দেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া জিলাৰ সোণজানত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ এখন ট্ৰাকৰ তলত সোমাই পৰে এখন বাইক ৷ ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী ৷

সোণজানত ট্ৰাকৰ তলত সোমাল বাইক
সোণজানত ট্ৰাকৰ তলত সোমাল বাইক

By

Published : Jan 5, 2020, 10:20 PM IST

সোণজানত ট্ৰাকৰ তলত সোমাল বাইক

শদিয়া, 5 জানুৱাৰীঃদেওবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া জিলাত সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ জিলাখনৰ বৰডুমচা থানাৰ অন্তৰ্গত সোণজানত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনা অনুসৰি, AS 23 A 9026 নম্বৰৰ এখন ট্ৰাকৰ তলত AS 23 W 6625 নম্বৰৰ এখন বাইক সোমাই যোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী অজন্ত মৰাণ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত বাইক আৰোহী অজন্ত মৰাণৰ ঘৰ ৰঙাজান গাঁৱত বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details