অসম

assam

By

Published : Jun 7, 2021, 12:34 PM IST

ETV Bharat / state

মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনাত নিহত এজন

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং বাবু পথাৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাত নিহত হয় এজন পশু চিকিৎসক আৰু আহত হয় এজন ৷

মাৰ্ঘেৰিটাৰ পথ দুৰ্ঘটনাত নিহত এজন
মাৰ্ঘেৰিটাৰ পথ দুৰ্ঘটনাত নিহত এজন

তিনিচুকীয়া,7 জুন: মাৰ্ঘেৰিটা আৰক্ষী থানা(Margherita Police Station)ৰ অন্তৰ্গত কেটেতং বাবু পথাৰত দেওবাৰে আবেলি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Road Accident) ৷ এই পথ দুৰ্ঘটনাত নিহত হয় এজন পশু চিকিৎসক আৰু আহত হয় এজন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দুখন বিপৰীত দিশৰ পৰা অহা বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা(Road Accident)টো ৷ এই পথ দুৰ্ঘটনা(Road Accident)ত নিহত হোৱা ব্যক্তিজন মাৰ্ঘেৰিটা কেটেতং নাকং পথাৰ নিবাসী পশু চিকিৎসকৰ ক্ষেত্ৰ সহায়ক ৰাজু কলিতা আৰু আহত হোৱা লোকজন সুনীল চয় বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক:কলিয়াবৰত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

ABOUT THE AUTHOR

...view details