তিনিচুকীয়া, 13 ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ ডিগবৈত পথ দুৰ্ঘটনা ৷ খাৰাজান পুলত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো ৷ ৰৈ থকা ট্ৰাকত এখন মেজিকে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷
দুৰ্ঘটনাত আহত হয় 4 গৰাকী যাত্ৰী ৷ আহত সকল লুটফুৰ ৰহমান, ইহৰাণ মিডনা আৰু ৰাজু প্ৰসাদ কুৰ্মী ৷ বৰ্তমানলৈ এজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, ডিগবৈৰ পৰা তিনিচুকীয়া আহি আছিল মেজিকখন ৷