শদিয়া, ১১ জুলাই:ঋষভ দত্ত আৰু নাই । অকালতে হেৰাই গ'ল এটা প্ৰতিভাৱান কণ্ঠ । মৃত্যুৰ আগমূহুৰ্তত এটি গীতে বহুতকে কন্দুৱাই অজান দেশলৈ গ'লগৈ ঋষভ । শনিবাৰে বেংগালুৰুৰ পৰা এই প্ৰতিভাৱান কিশোৰ গৰাকীৰ নশ্বৰদেহ পালেহি তেওঁৰ জন্মভূমি কাকপথাৰৰ বাসগৃহ । ইয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোতে এক শোকৰ পৰিৱেশে চানি ধৰিলে । পৰিয়ালৰ আত্মীয় স্বজন,বিভিন্ন দল সংগঠনকে আদি কৰি বহু লোকে ভিৰ কৰিলেহি ঋষভৰ বাসগৃহ । শেষ বাৰৰ বাবে সেৱা জনাই সকলোৱে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলী ।
প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন - well singer
অকালতে হেৰাই গ'ল এটি প্ৰতিভা । প্ৰতিভাৱান কিশোৰ ঝষভ দত্ত গুচি গ'ল কোনো অজান দেশলৈ । শনিবাৰে বেংগালুৰুৰ পৰা কাকপথাৰৰ বাসগৃহ পালেহি ঋষভৰ নশ্বৰদেহ ।
![প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন rishab dutta's cremation completed at kakapathar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7983569-thumbnail-3x2-dutta.jpg)
প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন
প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন
বেংগালুৰুৰ পৰা বিশেষ বিমান যোগে অনা ঋষভৰ নশ্বৰ দেহ কাকপথাৰ আহি পোৱাৰ পিছতেই প্ৰতিভাৱান কিশোৰ গৰাকীৰ সহপাঠী, শিক্ষাগুৰু স্থানীয় যুৱক যুৱতী সকলো কান্দোনত ভাঙি পৰে । সদৌ অসম ছা্ত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে আদি কৰি ছাত্ৰ সংগঠনৰ নেতা কৰ্মী সকলেও ঋষভৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । সকলো বৈদিক ৰীতি নীতি সম্পাদনৰ অন্তত কাকপথাৰ ৰাজহুৱা শ্মশানত প্ৰতিভাৱান কিশোৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।