তিনিচুকীয়া, 12 জুন :শুকুৰবাৰে বাঘজানবাসীৰ সমভাগী হ'বলৈ ৰাজ্যখনৰ বিৰোধী দলৰ এটা সজাতি দল উপস্থিত হয় বাঘজানত । কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীৰ নিৰ্দেশমৰ্মে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত হয় দলটো ৷ অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰৰ অৱহেলাৰ ফলত চৰম দুৰ্ভোগ ভোগা বাঘজানবাসীৰ পৰিস্থিতৰ বুজ লয় দলটোৱে ৷
বাঘজানৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি দুৰ্গত ৰাইজৰ সকলো বিষয়ৰ বুজ লয় কংগ্ৰেছৰ দুই নেতাই । অইল ইণ্ডিয়াৰ চৰম অৱহেলা আৰু অকৰ্মণ্যতাৰ লগতে ৰাজ্য চৰকাৰৰ চুড়ান্ত গাফিলতিৰ ফলত বাঘজানৰ পৰিস্থিতি শাম কটাৰ পৰিৱৰ্তে অধিক জটিল ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ কৰে নেতা দুগৰাকীয়ে । কি কাৰণে বাঘজানৰ তৈল খাদটোত এই ঘটনা সংঘটিত হ'বলৈ পালে তাৰ উচিত তদন্ত কৰি দুখীক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই নেতাদ্বয়ে।