ডুমডুমা, 27 ডিচেম্বৰ: বৃহস্পতিবাৰে ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা AS-২৩E-৬৯৭৭ নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক তিনিচুকীয়াৰ গুদামৰ পৰা ৰূপাইৰ টিপুক সমবায় সমিতিলৈ বুলি লৈ যোৱা হয় । কিন্তু ৰহস্যজনক অৱস্থাত গংঙ্গাবাড়ীত একাংশ লোকে প্ৰত্যক্ষ কৰে ট্ৰাকখন। ট্ৰাকখনৰ অনুসন্ধান কৰি স্থানীয় লোকে উক্ত পথটোতে হাবিৰ মাজত চাউল ভৰ্তি এটা বস্তা প্ৰত্যক্ষ কৰে ।
তিনিচুকীয়াত উদ্ধাৰ FCIৰ চাউল ভৰ্তি ট্ৰাক - চাউল ভৰ্তি ট্ৰাক চুৰি
ৰহস্যজনক অৱস্থাত গংঙ্গাবাড়ীত একাংশ লোকে প্ৰত্যক্ষ কৰে ট্ৰাকখন। ট্ৰাকখনৰ অনুসন্ধান কৰি স্থানীয় লোকে উক্ত পথটোতে হাবিৰ মাজত চাউল ভৰ্তি এটা বস্তা প্ৰত্যক্ষ কৰে ।
গংঙ্গাবাড়ীত উদ্ধাৰ FCI ৰ চাউল ভৰ্তি ট্ৰাক
প্ৰত্যক্ষ দৰ্শীসকলে ট্ৰাকখনৰ চালকজনক উক্ত ঘটনা সন্দৰ্ভত সোধ-পোচ কৰে যদিও অত্যাধিক মদ্যপান কৰাৰ ফলত চালকজনে কোনো কথা উল্লেখ কৰিব নোৱাৰে ৷ সেয়ে স্থানীয় ৰাইজে উক্ত চাউলভৰ্তি ট্ৰাকখন মাকুম আৰক্ষী থানাত চমজাই দিয়ে । আনহাতে ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা বিভিন্ন সমবায় লৈ বুলি লৈ অহা চাউল ভৰ্তি ট্ৰাকসমূহ প্ৰায়ে এনেদৰে সন্দেহজনকভাৱে উক্ত স্থানত ৰখাই থোৱা হয় বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: দৈজিং উৎসৱত হৰিণাৰ চোৰাং মাংস আৰু সুৰা ব্যৱসায়ঃ নৱ কুমাৰ শৰণীয়া