অসম

assam

By

Published : Jul 18, 2023, 10:10 PM IST

ETV Bharat / state

Mission Indradhanush in Assam:বেমেজালি নোহোৱাকৈ টীকাকৰণৰ সম্পন্ন কৰিবলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

তিনিচুকীয়াত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ (আই এম আই) ৫.০ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা ৷ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে এই মিছনৰ অধীনত জিলাখনত কোনো শিশুৱে যাতে টীকাকৰণৰ পৰা বাদ নপৰে তাৰবাবে দায়বদ্ধতাৰে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনাইছে ।

Mission Indradhanush in Tinsukia
তিনিচুকীয়াত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষৰ জিলা টাস্ক ফ’ৰ্চৰ সভা

তিনিচুকীয়া, ১৮ জুলাই: তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) চিন্ময় পাঠকৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত আই এম আই ৫.০ ৰ অধীনত জিলাখনত টীকাকৰণ কৰিবলগীয়া শিশুৰ সঠিক হিচাপ, চাহ বাগিচাৰ লগতে স্পৰ্শকাতৰ তথা দুৰ্গম এলেকাসমূহত টীকাকৰণৰ ক্ষেত্ৰত ল’বলগীয়া যথোপযুক্ত ব্যৱস্থা, ইউ-উইন (U-WIN) প'ৰ্টেলত টীকাকৰণ কৰিবলগীয়া শিশু তথা গৰ্ভৱতী মহিলাৰ সবিশেষ তথ্য সন্নিবিষ্টকৰণ আদি বিষয়ত আলোচনা কৰা হয় ।

সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্যই মিছন ইন্দ্ৰধনুষ-৫.০ ৰ অধীনত জিলাখনত উপযুক্ত কোনো শিশুৱে যাতে টীকাকৰণৰ পৰা বাদ নপৰে তাৰবাবে সংশ্লিষ্ট সকলো বিভাগকে সন্মিলিতভাৱে দায়বদ্ধতাৰে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায় । যুটীয়া সঞ্চালকগৰাকীয়ে জৰীপৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ লগতে, নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত জৰীপৰ কাম সম্পন্ন কৰিবলৈ তথা যথাবিহিত নিয়ম অনুসৰি কোনোধৰণৰ বেমেজালি নোহোৱাকৈ টীকাকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে ইউ-উইন প'ৰ্টেলত সময় অনুসৰি সকলো তথ্য আপলোড কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে ।

উল্লেখযোগ্য যে, মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত তিনিটা ৰাউণ্ডত টীকাকৰণ কৰা হ'ব । প্ৰথম ৰাউণ্ডত ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈকে, দ্বিতীয় ৰাউণ্ডত ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈকে, তৃতীয় ৰাউণ্ড ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈকে অনুষ্ঠিত হ'ব। এই মিছন ইন্দ্ৰধনুষ ৫.০ ত ৭ টাকৈ বিপদজনক ৰোগ যেনে পলিঅ'মাইলাইটিছ, হেপাটাইটিছ বি, ডিপথেৰিয়া, সৰু আই, মেনিনজাইটিছ, টিটেনাছ, যক্ষ্মা, আৰু হুপিং কাহৰ বাবে টীকাকৰণ কৰা হ'ব। তিনিচুকীয়া জিলা টীকাকৰণ বিষয়া ডাঃ এন কে বৰাই আই এম আই ৫.০ কাৰ্যসূচীৰ বিতং তথ্য সম্বলিত তথা টীকাকৰণ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ প্ৰস্তুত কৰা যাৱতীয় পৰিকল্পনা সন্দৰ্ভত এক পাৱাৰ পইন্ট প্ৰেজেনটেচন আগবঢ়ায় ।

এই সভাখনত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য ) চিন্ময় পাঠকে জিলাখনত আই.এম.আই ৫.০ টীকাকৰণ সাফল্যমণ্ডিত কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহক স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা আগঢ়াবলৈ আহ্বান জনায় । তেওঁ টীকাকৰণৰ গুৰুত্বৰ বিষয়ে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে সজাগতা সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । আজিৰ সভাত ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া বন্দিত গগৈ প্ৰমুখ্যে শ্ৰম, শিক্ষা আদি বিভাগৰ বিষয়াবৰ্গৰ লগতে স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ।

লগতে পঢ়ক:landslide in Sikkim:উত্তৰ ছিকিমৰ ভূমিস্খলনত বিধ্বস্ত পথ পুনৰ মুকলি

ABOUT THE AUTHOR

...view details