অসম

assam

ETV Bharat / state

Pranjal Moran case: প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ বাবে লিডুৰ কয়লাখনিত আৰক্ষীৰ অভিযান - Tinsukia Pranjal Moran

আৰক্ষীয়ে আৰম্ভ কৰিছে কয়লাখনিত নিৰুদ্দেশ হোৱা তিনিচুকীয়াৰ প্ৰাঞ্জল মৰাণৰ উদ্ধাৰ অভিযান ৷ সোমবাৰে আইজিপি জিৎমল দলেৰ উপস্থিত চলোৱা হয় উদ্ধাৰ অভিযান ৷ ঘটনাৰে জড়িত দুই কয়লা মাফিয়াক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Coal mafia arrested in Tinsukia) ৷

Pranjal Moran case
প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ বাবে লিডুৰ কয়লাখনিত আৰক্ষীৰ অভিযান

By

Published : Apr 3, 2023, 10:35 PM IST

প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ বাবে লিডুৰ কয়লাখনিত আৰক্ষীৰ অভিযান

তিনিচুকীয়া, ৩ এপ্ৰিল: তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণে লিডুৰ কয়লাখনিত কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰাৰ মাজতে শেহতীয়াকৈ পৰিয়াল তথা পত্নী উৰ্বশী মৰাণলৈ আহিছে কিছু আশাৰ বতৰা ৷ পত্নী উৰ্বশী মৰাণে তিনিচুকীয়াত প্ৰতিবাদ কৰাৰ পাচত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক আছুতীয়াকৈ সাক্ষাৎ কৰিবলৈ সক্ষম হয় (Pranjal Moran missing case)।

সমগ্ৰ ঘটনাটো জি পি সিঙে গুৰুত্বসহকাৰে লৈ পৰিস্থিতিৰ বুজ লয় আৰু তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰি উজনি অসমৰ দায়িত্বত থকা আইজিপি জিৎমল দলেক তদন্তৰ দায়িত্ব প্ৰদান কৰে ৷ তাৰ পাচতে শুকুৰবাৰে জিৎমল দলেয়ে শুকানীৰ প্ৰাঞ্জল মৰাণৰ বাসগৃহত উপস্থিত হৈ উৰ্বশী মৰাণৰ সৈতে দুঘণ্টা ধৰি কথা-বাৰ্তাত মিলিত হয় আৰু সোমবাৰে লিডুৰ টিকক কলীয়ৰীৰ কয়লাখনিত প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ হোৱা স্থানত উপস্থিত হৈ বিশেষজ্ঞ দলে উদ্ধাৰ অভিযান চলায়(Pranjal Moran rescue operation) ৷

উদ্ধাৰ অভিযানৰ পাচতে আই জি পি জিৎমল দলেয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে যে, সোমবাৰে উদ্ধাৰ অভিযান চলাবলৈ বিশেষজ্ঞ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও ব্যৰ্থ হয় ৷ সেই স্থান অতি গভীৰ হোৱা বাবে সফলতা লাভ কৰা নাই আৰক্ষীয়ে ৷

ইতিমধ্যে প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমাধিস্থ কৰাসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সেইসকলৰ ভাষ্যৰ ভিত্তিতেই অভিযান চলোৱা হৈছে বুলিও সদৰী কৰে আইজিপি জিৎমল দলেয়ে (IGP Jitmol Doley) ৷ তেওঁ লগতে কয় যে, আৰক্ষীৰ হাতত বৰ্তমানলৈকে থকা সঁজুলিৰে উদ্ধাৰ অভিযান চলোৱাটো সম্ভৱ নহয় ৷ লগতি প্ৰয়োজন হ’ব উন্নত সা-সঁজুলিৰ ৷

উল্লেখ্য যে, প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশৰ সমগ্ৰ ঘটনাটো জি পি সিঙে গুৰুত্বসহকাৰে লোৱাৰ পাচতে থৰহৰি কম্পমান হৈছে মাৰ্ঘেৰিটাৰ কয়লা মাফিয়া আৰু কয়লাৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকাসকল ৷ ইতিমধ্যেই আৰক্ষীয়ে কয়লাৰ চোৰাং কাৰবাৰ চলোৱা ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰীয়াক গ্ৰেপ্তাৰ কৰিছে ৷ ৰূপ চাই কুজুৰ আৰু বাবু পাহাৰীয়া প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমাধিস্থ কৰাৰ সৈতে জড়িত বুলি চৰ্চিত (Tinsukia Pranjal Moran) ৷

লগতে এই তথ্য আৰক্ষীৰ আগতো স্বীকাৰ কৰা বুলিও জানিব পৰা গৈছে ৷ গতিকে ধৃত দুই কয়লা চোৰৰ ভাষ্যৰ ভিত্তিতেই প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ কিন্তু প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক নিৰুদ্দেশৰ সন্দৰ্ভত এজাহাৰত নাম সন্নিবিষ্ট মূল ব্যক্তি বি গনেশক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হ’ব নে নহয় সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষ্যনীয় ৷

লগতে পঢ়ক:ULFA I letter to Sikhs For Justice: মুখ্যমন্ত্ৰীলৈ খালিস্তানী সংগঠনৰ ভাবুকি; ‘শিখ ফ’ৰ জাষ্টিছ’লৈ পৰেশ বৰুৱাৰ পত্ৰ

ABOUT THE AUTHOR

...view details