ডুমডুমা, 12 মে’ : ডুমডুমা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কক খেৰবাৰীবাসী ৰাইজৰ অনুৰোধ । তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ ৰাঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত খেৰবাৰী ৭ নং লোহালি গাঁৱৰ যাতায়তৰ একমাত্ৰ সম্বল হৈছে এখন ভগ্ন বাঁহৰ দলং ৷ সেয়েহে খেৰবাৰীবাসী ৰাইজে এই ভঙা দলঙৰ স্থানত এখন উন্নত মানৰ পকী দলং নিৰ্মাণ কৰিবলৈ ডুমডুমা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কক ৰূপেশ গোৱালক অনুৰোধ জনাইছে ।
নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালাক দলঙ নিৰ্মানৰ অনুৰোধ খেৰবাৰীবাসীৰ - rupesh gowala]
তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ ৰাঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত খেৰবাৰী ৭ নং লোহালি গাঁৱৰ যাতায়তৰ একমাত্ৰ সম্বল ভগ্ন বাঁহৰ দলংৰ স্থানত এখন উন্নত মানৰ দলং নিৰ্মাণ কৰিবলৈ ডুমডুমা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কক ৰূপেশ গোৱালক অনুৰোধ খেৰবাৰী বাসী ৰাইজৰ ।
![নৱ-নিৰ্বাচিত বিধায়ক ৰূপেশ গোৱালাক দলঙ নিৰ্মানৰ অনুৰোধ খেৰবাৰীবাসীৰ ডুমডুমা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কক খেৰবাৰী বাসী ৰাইজৰ অনুৰোধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11728527-thumbnail-3x2-dv.jpg)
ডুমডুমা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কক খেৰবাৰী বাসী ৰাইজৰ অনুৰোধ
ডুমডুমা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কক খেৰবাৰী বাসী ৰাইজৰ অনুৰোধ
উল্লেখ্য যে, স্থানীয় লোকসকলে বিগত সময়ছোৱাত এই দলংখন নিৰ্মাণৰ ব্যৱস্থা কৰি দিবৰ বাবে বিধায়ক দূৰ্গা ভুমিজক বহুবাৰ অনুৰোধ জনাইছিল যদিও প্ৰাক্তন বিধায়ক গৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে নিজে এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰি আহিছে যদিও ভগ্নপ্ৰায় দলংখনত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি কয় ক্ষোভ প্ৰকাশ কৰে খেৰবাৰী বাসী ৰাইজে ।
লগতে পঢ়ক : শিৱসাগৰত কোনে শৰবিদ্ধ কৰিছে সেউজ প্ৰকৃতি?