টিংখাং, 25 জানুৱাৰীঃ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যজুৰি চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ গণৰাজ্য দিৱসত উগ্ৰপন্থী সংগঠনে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে টিংখাঙত আৰক্ষীৰ ব্যাপক তৎপৰতা । টিংখাঙৰ দিচাং নদীৰ পাৰৰ হাবিতলীয়া অঞ্চলৰ ঘৰ সমূহত যাতে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই আশ্ৰয় লৈ থাকিব নোৱাৰে তাৰবাবে প্ৰতিটো ঘৰত তন্ন-তন্নকৈ তালাচী চলায় আৰক্ষীয়ে ৷
টিংখাঙত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ব্যাপক তৎপৰতা - টিংখাঙত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ব্যাপক তৎপৰতা
দেওবাৰে উদযাপন কৰা হ'ব দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ যাৰ বাবে ৰাজ্যজুৰি চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ৷ টিংখাঙত কোনো উগ্ৰপন্থীয়ে যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰাকৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে ৷ এছএছবিৰ জোৱানক লগত লৈ দিচাং নৈৰ পাৰত নিৰাপত্তা বেহু গঢ়ি তুলিছে ৰাজগড় আৰক্ষীয়ে ৷
টিংখাঙত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ব্যাপক তৎপৰতা
উল্লেখ্য যে, বিগত সময়ছোৱাত টিংখাঙৰ ৰাজগড়কে ধৰি বিভিন্ন ঠাইত কূটাঘাতমূলক ঘটনা সংঘটিত হৈ আহিছে । যাৰ পৰিপ্ৰেক্ষিতত টিংখাং, ৰাজগড় আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ পৰিলক্ষিত হৈছে । ৰাজগড় আৰক্ষীয়ে এছএছবিৰ জোৱানক লগত লৈ দিচাং নৈৰ পাৰত নিৰাপত্তা বেহু গঢ়ি তুলিছে । অৰুণাচল, নাগালেণ্ডৰ পৰা সোণাৰি সাপেখাতি হৈ যাতে টিংখাঙত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে নদী পথতো দিনে নিশাই পহৰা দিছে আৰক্ষীয়ে ৷
আৰু পঢ়কঃ ওদালগুৰিত গণৰাজ্য দিৱসৰ প্ৰস্তুতি
Last Updated : Jan 25, 2020, 9:49 AM IST
TAGGED:
Tingkhong_Police_talasi