শদিয়া, 16 ছেপ্তেম্বৰ :তিনিচুকীয়া জিলাৰ কাকপথাৰতলাৰচেন এণ্ড টাবৰো চমুকৈ এল এণ্ড টি ফাইনেঞ্চিয়েল চাৰ্ভিছ নামৰ এটা মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ ৷ কাকপথাৰৰ পৰা অতি ভিতৰুৱা হাঁহখাটীৰ মালভোগ, বগৰীবাৰী, হালোৱা পথাৰ আদি কেইবাখনো নৈ পৰীয়া গাঁৱৰ বানাক্ৰান্ত পৰিয়ালৰ মহিলাৰ মাজত বিতৰণ কৰিলে বিভিন্ন ধৰণৰ সামগ্ৰী ৷ কোম্পানীটোৱে মহিলাসকলৰ মাজত চেনিটেৰী পেড,টাৱেল,চাবোন,হেণ্ড চেনিটাইজাৰ,মহ খেদাবৰ বাবে কইল,টৰ্চ লাইট ইত্যাদি বিতৰণ কৰিলে ৷
তিনিচুকীয়াত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ
তিনিচুকীয়াত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ ৷ 1000 মহিলাৰ মাজত বিতৰণ কৰিলে বিভিন্ন ধৰণৰ সামগ্ৰী ৷
তিনিচুকীয়াত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ
কোম্পানীটোৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, উক্ত অঞ্চলৰ 1000 মহিলাক বিতৰণ কৰা হৈছে উক্ত সামগ্ৰী ৷ লগতে,ভৱিষ্যতেও তেওঁলোকৰ এই সাহাৰ্য বিতৰণ কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিব দিয়ে ৷
লগতে পঢ়ক :টিংখাঙত শিশুৰ নামত অহা খাদ্যৰ অপচয়