কাকপথাৰ,28 জুলাই : নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷ কাকপথাৰ দৈনিক বজাৰৰ সন্মুখত শতাধিক আছু কৰ্মীয়ে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰক শীঘ্ৰে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ অন্যথা পৰৱৰ্তী সময়ত পৰিস্থিতি ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়ে আঞ্চলিক সংগঠনটোৰ সদস্যসকলে ৷
অখিল গগৈৰ মুক্তিৰ দাবীত আছুৰ মানৱ শৃংখল কাৰ্যসূচী - কাকপথাৰত কা বাতিলৰ দাবীত প্ৰতিবাদ
কাকপথাৰ দৈনিক বজাৰৰ সন্মুখত শতাধিক আছু কৰ্মীয়ে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰক শীঘ্ৰে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷
লগতে পঢ়কঃঅসমৰ ভূ-খণ্ডত আগ্ৰাসন অৰুণাচলৰ
ইফালে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বান্ধি দিয়া সকলো নিয়ম মানি মঙলবাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰে আছু সদস্যসকলে ৷ আছু কৰ্মীসকলৰ এই প্ৰচেষ্টাত ভাগ লয় সাধাৰণ ৰাইজে ৷ ইয়াৰোপৰি ৰাইজে "কা আমি নামানো" "বিজেপি চৰকাৰ হুছিয়াৰ" "আৰ এছ এছ হুছিয়াৰ" "অখিল গগৈক মুক্তি দিয়ক" ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে আছু সদস্যসকলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ গ্ৰহণ নকৰাৰ সংকল্প লোৱাৰ লগতে দৰকাৰ হ'লে জীৱন দি হ'লেও আইনখনৰ বিৰোধিতা কৰাৰ হুংকাৰ দিয়ে ৷