অসম

assam

By

Published : Sep 13, 2020, 10:45 AM IST

ETV Bharat / state

অক্টোবৰৰ পৰা পুনৰ খুলিব উত্তৰ-পূৱৰ ক’ল ইণ্ডিয়া: ৰামেশ্বৰ তেলী

তিনিমাহ ধৰি উত্তৰ-পূৱত ব্যাহত হৈ আছে কয়লা ক্ষেত্ৰ ক’ল ইণ্ডিয়াৰ উৎপাদন । এই প্ৰসংগত ৰাজধানী দিল্লীত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সাক্ষাৎ কৰিছিল কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ অন্তত তেলীয়ে জনালে, অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ক’ল ইণ্ডিয়াৰ উৎপাদন ৷

Reaction of Rameswar Teli on opening of coal field margherita tinsukia assam etv bharat news
সাংসদ ৰামেশ্বৰ তেলী

মাৰ্ঘেৰিটা,13 ছেপ্তেম্বৰ: ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শুকুৰবাৰে মাৰ্ঘেৰিটাত সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা উত্তৰ-পূৱৰ উদ্যোগিক প্ৰতিষ্ঠান ক’ল ইণ্ডিয়াত পুনৰ আৰম্ভ হ'ব কয়লাৰ উৎপাদন ৷

সাংসদ ৰামেশ্বৰ তেলী

উল্লেখ্য যে,বিগত 6 জুনৰ পৰা বন্ধ হৈ আছে উত্তৰ-পূৱৰ উদ্যোগিক প্ৰতিষ্ঠান ক’ল ইণ্ডিয়াৰ উৎপাদন ৷ লগতে উত্তৰ-পূৱৰ কয়লা খণ্ডটোৰ পৰা অন্যান্য ৰাজ্যত থকা উদ্যোগটোৰ কয়লা খণ্ডলৈ একাংশ বিষয়া-কৰ্মচাৰীৰ বদলিকৰণ অব্যাহত আছে ৷ এনে সময়ত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উদ্যোগটোক পুনৰ সক্ৰিয়কৰণৰ বাবে চলাই অহা প্ৰচেষ্টা কিমান ফলপ্ৰসূ হয় সেইয়া হ’ব লক্ষণীয় ।

লগতে চাওকঃঅনিৰ্দিষ্টকাললৈ বন্ধ অসম-মিজোৰাম অভিমুখী ট্ৰাকৰ চলাচল

ABOUT THE AUTHOR

...view details