তিনিচুকীয়া, 25 চেপ্তেম্বৰ: তিনিচুকীয়াত আই পি এলৰ বাবে জুৱা খেল অব্যাহত থকা বুলি ভিন্ন সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ ভিন্ন সংগঠনৰ ৷ যুৱ ব্যৱসায়ী বিকাশ বেৰিয়া আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে আই পি এলৰ নামত জুৱা খেলোৱাৰ অভিযোগ উত্থাপন কৰি, কেইটামান নিৰ্দিষ্ট সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে টাই-আহোম ছাত্ৰ সন্থাৰ লগতে,মটক যুৱ ছাত্ৰ পৰিষদে ৷
তিনিচুকীয়াত আই পি এলক কেন্দ্ৰ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ - প্ৰতিক্ৰিয়া
কেইটামান নিৰ্দিষ্ট সংবাদ মাধ্যমৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তিনিচুকীয়া জিলা টাই-আহোম ছাত্ৰ সন্থাৰ লগতে, মটক যুৱ ছাত্ৰ পৰিষদে ৷ তিনিচুকীয়াত আই পি এলৰ বাবে জুৱা খেল অব্যাহত থকা বুলি ভিন্ন সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সংগঠন কেইটাই ৷
![তিনিচুকীয়াত আই পি এলক কেন্দ্ৰ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ জুৱা খেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8930838-thumbnail-3x2-kk.jpg)
জুৱা খেল
তিনিচুকীয়াত আই পি এলক কেন্দ্ৰ কৰি জুৱা খেল চলা বাতৰিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া
ভিন্ন সামাজিক কাৰ্যৰ লগত জড়িত ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে চৰজমিন তদন্ত চলোৱাৰ পাচতো তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ আপত্তিজনত তথ্য নোপোৱাৰ বিষয়ে উল্লেখ কৰে সংগঠন দুটাৰ কৰ্মকৰ্তাই ৷ সংবাদ মাধ্যম কেইটাক উচিত তথ্য-প্ৰমাণ দিবলৈ আহ্বান জনাইছে কৰ্মকৰ্তাসকলে ৷ আনহাতে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মনে সজা বাতৰি পৰিবেশন কৰা বুলি সম্প্ৰতি সেই নিৰ্দিষ্ট সংবাদ মাধ্যমকেইটাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ আন একাংশ লোকেও ৷
লগতে পঢ়ক:বিজেপিক বণিক শ্ৰেণীৰ দল আখ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
Last Updated : Sep 25, 2020, 3:09 PM IST