অসম

assam

মুক্তিৰ পথত যতীন বৰাৰ সপোনৰ ছবি 'ৰত্নাকৰ'

By

Published : Sep 23, 2019, 8:48 PM IST

অসমৰ প্ৰান্তে প্ৰান্তে 'ৰত্নাকৰ'ৰ প্ৰচাৰ চলাই ৰাইজৰ হৃদয় জিনিছে 'ৰত্নাকৰ' টিমে ৷ দেওবাৰে তিনিচুকীয়াত উপস্থিত হৈ তিনিচুকীয়া মহিলা মহাবিদ্যালয় আৰু তিনিচুকীয়াৰ চলিহা নগৰত অনুষ্ঠিত কৰম পূজাত অংশগ্ৰহণ কৰি 'ৰত্নাকৰ'ৰ প্ৰচাৰ চলাই টিম 'ৰত্নাকৰে' ৷ তিনিচুকীয়াৰ পিছতে 'ৰত্নাকৰ'ৰ প্ৰচাৰ কাৰ্যসূচী লৈ উপস্থিত হয় ডিব্ৰুগড় জিলাত ৷

ৰত্নাকৰৰ প্ৰচাৰ

নিউজ ডেক্স,23 ছেপ্টেম্বৰঃঅসমৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাইছে টিম ৰত্নাকৰে ৷ ঠায়ে ঠায়ে গৈ মানুহৰ মাজত সোমাই ছবিখনৰ প্ৰচাৰ চলাইছে যতীন বৰা সহিতে ৰত্নাকৰৰ কলা-কুশলীসকলে ৷ দেওবাৰে তিনিচুকীয়াত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলাই অভিনেতা যতীন বৰা অভিনেত্ৰী বৰষাৰাণী বিষয়া সহিতে টিম ৰত্নাকৰে ৷ তিনিচুকীয়া মহিলা মহাবিদ্যালয় আৰু তিনিচুকীয়া চলিহা নগৰত অনুষ্ঠিত কেন্দ্ৰীয় কৰম সন্মিলনত অংশগ্ৰহণ কৰে টিম ৰত্নাকৰৰ কলা-কুশলীসকলে ৷

ৰত্নাকৰৰ প্ৰচাৰ
তিনিচুকীয়াৰ পিছতেই টিম ৰত্নাকৰ উপস্থিত হয় ডিব্ৰুগড় জিলাত ৷ ক্ৰমে ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়,মনোহাৰী দেৱী আৰু কানৈ মহাবিদ্যালয়ত ব্যাপক প্ৰচাৰ চলাই যতীন বৰা, বৰষাৰাণী বিষয়া সহিতে টিম ৰত্নাকৰৰ সমূহ কলা-কুশলীসকলে ৷

ABOUT THE AUTHOR

...view details