শদিয়া, 21 এপ্ৰিলঃ মৰাণসকলৰ নিজৰ সংস্কৃতি ৰাতি বিহু উদযাপন কাকপথাৰত ৷ এইবাৰ অষ্টম বৰ্ষত ভৰি দিয়া ৰাতিবিহুখন শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত সম্পন্ন হয় ৷ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানত তিনিহাজাৰ নাচনীৰ লগতে প্ৰায় বিশ হাজাৰ মৰাণ বিহুৱাই অংশগ্ৰহণ কৰে ৷ সমদল কৰি কাকপথাৰ ৰাজহুৱা খেলপথাৰত হোৱা নিদিষ্ট স্থানত মৰাণ ডেকাৰ চাকচনি মাৰিয়ে পৰিৱেশ সজীৱ কৰি তোলে ৷
কাকপথাৰত মৰাণসকলৰ ঐতিহ্যমণ্ডত ৰাতি বিহু উদযাপন - শ্যামন্তীকা শৰ্মা
কাকপথাৰত ৰাতিবিহু, তিনিহাজাৰ নাচনীৰ নাচত মতলীয়া কাকপথাৰবাসী
কাকপঠাৰত মৰাণসকলৰ ঐতিহ্যমণ্ডত ৰাতি বিহু উদযাপন
মৰাণসকলৰ ৰাতিবিহুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সচিব ৰঞ্জন চক্ৰৱতী, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰ, আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি বোলছবি জগতৰ অভিনেত্ৰী শ্যামন্তীকা শৰ্মা উপস্থিত থাকে ৷ প্ৰায় তিনি হাজাৰ নাচনীৰ নাচত, ডেকা সকলৰ চাকচনিৰ মাতত ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰে সমগ্ৰ কাকপথাৰ ৷