অসম

assam

ETV Bharat / state

Rati Bihu at Tinisukia: তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু; কঁকাল ঘূৰাই নাচিলে বিদেশী মহিলাই - ৰাতি বিহু

তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ তৰাণি গাঁৱত শনিবাৰে নিশা মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু পালন ৷ মৰাণ ডেকাৰ "চাকচনিৰ" শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হ'ল তৰাণি গাঁৱৰ ৰাজহুৱা খেলপথাৰ ৷ কেইবাখনো দেশৰ বিদেশী গৱেষক শিক্ষাৰ্থীৰ অংশগ্ৰহণ (Rati Bihu of Moran tribe) ৷

Rati Bihu of Moran tribe
ৰাতি বিহুৰ আনন্দত মতলীয়া বিদেশী শিক্ষাৰ্থী

By

Published : Apr 30, 2023, 11:19 AM IST

মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু

তিনিচুকীয়া, 30 এপ্ৰিল: অসমৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে স্বকীয় নীতি-নিয়ম তথা পৰম্পৰাগতভাৱে বিহু পালন কৰে (Moran Bihu) ৷ মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হৈছে ৰাতি বিহু । স্বকীয় ৰীতি-নীতি, পৰম্পৰাৰে অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা মৰাণ জনগোষ্ঠীৰ লোকসকলে উলহ-মালহেৰে পালন কৰে এই ৰাতি বিহু ৷ তিনিচুকীয়া জিলাতো মৰাণ জনগোষ্ঠীৰ লোকসকলে উলাহেৰে ৰাতি বিহু পালন কৰা পৰিলক্ষিত হয় (Rati Bihu Celebrated at Torani Gaon Tinsukia) ৷

তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ ভিতৰুৱা অঞ্চল তৰাণি গাঁৱত উখল-মাখল পৰিৱেশ ৷ তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ সমান্তৰালভাৱে ফিল’বাৰীৰ ভিতৰুৱা তৰাণি গাঁৱতো শনিবাৰে নিশা মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহু পালন কৰা হয় ৷ মৰাণ ডেকাসকলৰ "চাকচনিৰ" শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হৈ পৰিল তৰাণি গাঁৱৰ ৰাজহুৱা খেলপথাৰ ৷ তৰাণি গাঁৱৰ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হয় এই ৰাতি বিহু ৷ বিহু থলীত গাওঁখনৰ বিভিন্ন লোকৰ ঘৰত থকা কেইবাটাও হাতী বিহুস্থলী পৰিক্ৰমা কৰোৱা হয় (Rati Bihu Celebrated in Tinsukia) ৷

অন্যহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত আফ্ৰিকা মহাদেশৰ লগতে কেইবাখনো দেশৰ বিদেশী গৱেষক শিক্ষাৰ্থীয়েও ৰাতি বিহুত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় (Rati Bihu at Tinisukia) ৷ মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত মেখেলা পৰিধান কৰি, মৰাণ জনগোষ্ঠীৰ গাভৰুসকলৰ স’তে ৰাতি বিহুত নাচি আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গ'ল বিদেশী গৱেষক শিক্ষাৰ্থীসকলক (Rati Bihu of Moran tribe) ৷

মৰাণসকলে মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহুক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলো সংবাদমাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰে উদ্যোগক্তাসকলে ৷ লগতে এই তৰাণি গাঁৱৰ ৰাতি বিহুৰ যি সুকীয়া মাদকতা আছে তাৰ সোৱাদ ল’বলৈ দেশ-বিদেশৰ লোকৰ প্ৰতিবছৰে আগমন ঘটে বুলি উল্লেখ কৰে (Rati Bihu Celebrated at Philobari in Tinsukia) ৷

লগতে পঢ়ক:Rati Bihu Celebrated: হাতত চাকচনী লৈ ৰাতি বিহুতলীত দুই মন্ত্ৰী

ABOUT THE AUTHOR

...view details