অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ নাজিৰাটিঙত ৰাতি বিহু পালন

বিহুতলিত আলহী ডেকাই প্ৰাণ ঢালি গোৱা বিহু গীতৰ লহৰত হেঁপাহ পলুৱাই নাচিলে শ শ মৰাণ গাভৰুৱে ৷ বুধবাৰে পুৱতি নিশালৈ সকলোৱে উপভোগ কৰিলে মৰাণ জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰে উজ্বীৱিত ৰাতি বিহু

By

Published : Apr 24, 2019, 5:47 PM IST

নাজিৰাটিঙত ৰাতি বিহু পালন

তিনিচুকীয়া, 24 এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ৰঙালীৰ উচাহ-উদ্দীপনা । সমান্তৰালকৈ উজনিৰ তিনিচুকীয়াৰ মৰাণ জনগোষ্ঠীৰ গাঁৱসমূতো অব্যাহত আছে ৰঙালীৰ উৎসাহ । বিশেষভাৱে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ গছতলৰ বিহু আৰু ৰাতি বিহুৰ উচাহ বৰ্তমানেও ম্লান পৰা নাই । মঙলবাৰে নিশা তিনিচুকীয়াৰ ফিল'বাৰী নাজিৰাটিঙ গাঁওত স্বকীয় বৈশিষ্ট্য আৰু ঐতিহাসিক পৰম্পৰাৰে ৰাতি বিহু পালন কৰিলে গঞা ৰাইজে । বিহুতলিত আলহী ডেকাই প্ৰাণ ঢালি গোৱা বিহু গীতৰ লহৰত হেঁপাহ পলুৱাই নাচিলে শ শ মৰাণ গাভৰুৱে ৷ বুধবাৰে পুৱতি নিশালৈ সকলোৱে উপভোগ কৰিলে মৰাণ জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰে উজ্বীৱিত ৰাতি বিহু । ৰাতি বিহুত অতিথি হিচাপে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, ফিল'বাৰী সেনা চাউনিৰ মেজৰ আশীষ ডুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু সাংবাদিক সকল উপস্থিত থাকি বিহু উপভোগ কৰে ।

নাজিৰাটিঙত ৰাতি বিহু পালন

ABOUT THE AUTHOR

...view details