অসম

assam

ETV Bharat / state

কাকপথাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি পক্ষী - tinsukia rare bird

তিনিচুকীয়াৰ কাকপথাৰলৈ আগমন ঘটিছে এটি পক্ষীৰ ৷ এই পক্ষীটিৰ আগমনে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে প্ৰকৃতিপ্ৰেমীৰ ৷ নিতৌ কাকপথাৰলৈ সোঁত বৈছে প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ ৷ কাকপথাৰত আশ্ৰয় লৈছে সহজে দেখিবলৈ নোপোৱা এটা Great eared nightjar পক্ষীয়ে ৷

great earde nightjar spotted in tinsukia
কাকপথাৰত দুস্প্ৰাপ্য পক্ষীৰ আগমন

By

Published : Aug 18, 2021, 1:26 PM IST

Updated : Aug 18, 2021, 2:19 PM IST

শদিয়া, 18 আগষ্ট : তিনিচুকীয়া জিলাৰ কাকপথাৰত আগমন ঘটিছে এটি পক্ষীৰ ৷ এই পক্ষীবিধক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এতিয়া তিনিচুকীয়া জিলাৰ কাকপথাৰলৈ প্ৰকৃতিপ্ৰেমীৰ লগতে পৰ্যটকৰ সোঁত বৈছে ৷ প্ৰায় দুমাহ পূৰ্বে অঞ্চলটোৰ ১২৫ নং ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাঁচিজানৰ ১ নং হাতীগড় লংকা দ্বীপ গাঁৱৰ কামেশ্বৰ মহন্ত নামৰ ব্যক্তি গৰাকীৰ বাঁহনিবাৰীলৈ এই পক্ষীবিধৰ আগমন ঘটিছিল ৷

দিনকণাই আকৰ্ষণ কৰিছে প্ৰকৃতিপ্ৰেমীক

শেহতীয়াকৈ এগৰাকী ছাত্ৰীৰ তৎপৰতাত পক্ষীবিধৰ ফটো সামাজিক মাধ্যমযোগে ভাইৰেল হোৱাৰ পিছত ব্যাপক প্ৰচাৰ লাভ কৰে ৷ ইয়াৰ পাচতে গাঁৱখনলৈ বিভিন্ন প্ৰকৃতিপ্ৰেমী অনুষ্ঠান, পৰ্যটককে ধৰি অন্য বহুজনৰ নিতৌ সোঁত ব’বলৈ ধৰিছে ৷ কলকাতা, যোৰহাট, ডিব্ৰুগড়, দুলীয়াজান, তিনিচুকীয়া আদিকে ধৰি বিভিন্ন ঠাইৰ পৰা পক্ষীটোক চাবলৈ পৰ্যটকৰ সোঁত বৈছে ৷

লগতে পঢ়ক :কোনে চকুলো মচিব লাইকা-দধিয়াবাসীৰ ?

প্ৰায় বিলুপ্তিৰ দিশে গতি কৰা পক্ষীটোক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ অহা লোকসকলে ঘৰৰ গৃহস্থক জানিবলৈ দিয়া অনুসৰি, এই পক্ষীবিধ সাধাৰণতে দক্ষিণ-পূৱ এছিয়াৰ চীন, ইণ্ডোনেছিয়া, বাংলাদেশ, ফিলিপাইন আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায় ৷ এই পক্ষীবিধৰ নাম Great eared nightjar আৰু ইয়াক অসমীয়াত দিনকণা বুলি জনা যায় ৷

বৰ্তমান সহজে দেখিবলৈ নোপোৱা এই পক্ষীবিধে সাধাৰণতে দিনৰ সময়ত আৰাম কৰি ৰাতিৰ সময়ত আহাৰৰ সন্ধানত ওলাই যায় ৷ উল্লেখ্য যে, প্ৰায় তিনি বছৰ পূৰ্বে অসমৰ মাগুৰি-মতাপুং বিলত এই পক্ষীবিধ দেখিবলৈ পোৱা গৈছিল ৷ পক্ষীবিধক লৈ বিভিন্নজনৰ উৎসুকতাৰ প্ৰতি লক্ষ্য ৰাখি পক্ষীবিধে আশ্ৰয় লোৱা বাঁহনিবাৰীৰ গৰাকীৰ লগতে স্থানীয় বিভিন্নজনে চৰকাৰ, বন বিভাগ তথা প্ৰকৃতিপ্ৰেমী সংস্থাক পক্ষীটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক :তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি

Last Updated : Aug 18, 2021, 2:19 PM IST

ABOUT THE AUTHOR

...view details