শদিয়া, 24 ছেপ্টেম্বৰ : আৰক্ষীৰ হাতৰ পৰা ধৰ্ষণকাৰী পলায়নক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে তিনিচুকীয়াৰ জিলাৰ অন্তৰ্গত টঙনা আৰক্ষী চকী ৷ ঘটনা সন্দৰ্ভত ১২ ছেপ্টেম্বৰত এজন 19 বছৰীয়া কিশোৰে এগৰাকী 8 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হয় ৷ লগে লগে 13 ছেপ্টেম্বৰত টঙনা আৰক্ষীয়ে আটক কৰে কিশোৰজনক ৷ কিন্তু ৰহস্যজনকভাৱে অভিযুক্ত কিশোৰজনক ক’ভিড পৰীক্ষণৰ বাবে লৈ যোৱা পাছতে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে কিশোৰজনে ৷
লগতে পঢ়কঃ কেৰেলাৰ সোণ কেলেংকাৰীঃ এনআইএৰ কাৰ্যালয়ত উপস্থিত এম শিৱ শংকৰ
আৰক্ষীৰ কবলৰ পৰা অভিযুক্ত কিশোৰজন পলায়ন কৰা বাবে বৃহস্পতিবাৰে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ লগতে কিশোৰী গৰাকীৰ হত্যাৰ ন্যায় বিচাৰি ওলাই আহে টঙনাৰ শ শ আদিবাসী ৰাইজ ৷ বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্য়স্ত কৰি আদিবাসী লোকসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে শীঘ্ৰে অভিযুক্ত কিশোৰজনক আটকৰ দাবী জনাই ৰাইজে ৷
আৰক্ষীৰ কবলৰ পৰা ধৰ্ষণকাৰী পলায়নক লৈ উত্তপ্ত তিনিচুকীয়া উল্লেখ্য যে, মৃত্যু হোৱা কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে মুণ্ডহীনভাবে ডুমডুমা বনাঞ্চলত পেলাই থৈ গৈছিল ৷ আৰক্ষীয়ে কেবাদিনীয়া অনুসন্ধানৰ পাছত ডুমডুমা বনাঞ্চলৰ পৰা উদ্ধাৰ কৰিছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷