তিনিচুকীয়া,৩ ফেব্ৰুৱাৰী:তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে বিয়লি অসম চৰকাৰৰ পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjit Kumar Das) জিলাখনৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ লগতে খাদ্য-অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াৰে সৈতে এখনি পৰ্যালোচনা বৈঠকত মিলিত হয়(Ranjit Kumar Das attend review meeting in Tinsukia) ।
অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনত খাদ্য সুৰক্ষা আইনৰ(Food Safety Act) অধীনত ৰেচন কাৰ্ডৰ বাবে হিতাধিকাৰী নিৰ্বাচন সন্দৰ্ভত বিতংভাবে আলোচনা কৰে । প্ৰতিগৰাকী যোগ্য হিতাধীকাৰীয়ে যাতে ৰেচন কাৰ্ড লাভ কৰে, লগতে হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে সংশ্লিষ্ট বিভাগক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । সমান্তৰালভাৱে অভিভাৱক মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাখনত ধান ক্ৰয়ৰ অগ্ৰগতি সন্দৰ্ভতো বুজ লয় আৰু ধান ক্ৰয় কেন্দ্ৰসমূহ যাতে সুচাৰুৰূপে চলি থাকে তাৰ ওপৰতো চকু ৰাখিবলৈ বিভাগৰ বিষয়াসকলক আহ্বান জনায় ।
ইয়াৰ পাছতে তিনিচুকীয়া জিলাৰ কেইবাটাও উন্নয়ন খণ্ডত ৰূপায়ণ হৈ থকা অমৃত সৰোবৰ আচঁনিৰ(Amrit Sarovar Yojana) অধীনত পুখুৰী খননৰ অগ্ৰগতি সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে । অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অগ্ৰগতি সন্দৰ্ভতো বুজ লয় । প্ৰতিগৰাকী খণ্ড উন্নয়ন বিষয়াক প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ কামকাজ সঠিকভাৱে তথা খৰতকীয়াকৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আৰু কোনো দুষ্টচক্ৰই যাতে ইয়াৰ সুবিধা ল’ব নোৱাৰে তাৰ প্ৰতি সাজগ হৈ থাকিবলৈ আহ্বান জনায় ।