তিনিচুকীয়া, ২৫ ফেব্ৰুৱাৰী :শনিবাৰে তিনিচুকীয়াত উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পোন প্ৰথমবাৰৰ বাবে তিনিচুকীয়া পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে জিলাখনৰ পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন জনকল্যাণমূলক আঁচনি তথা কামকাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে (Ranjeet Kumar Dass Review Meeting in Tinsukia) ।
তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ৰ (Tinsukia Municipal Board Office) সভাকক্ষত আয়োজিত উক্ত পৰ্যালোচনা বৈঠকত তিনিচুকীয়া পৌৰসভাৰ নৱ-নিৰ্বাচিত সমিতিখনে অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ফুলাম গামোছা, চেলেং আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উক্ত বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, উপ-সভাপতি ইন্দিৰা ৰয়, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মনজিৎ দলে প্ৰমুখ্যে তিনিচুকীয়া পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰসকল আৰু পৌৰসভাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।
শনিবাৰে আয়োজিত উক্ত বৈঠকতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা, বাৰ্ষিক কৰ সংগ্ৰহ ইত্যাদি সন্দৰ্ভত আলোচনা কৰে (Ranjeet Kumar Dass in Tinsukia) । মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা খোৱাপানী যোগান আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ লগতে চহৰৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি ২০১৮-১৯ ৰ অধীনত তিনিচুকীয়া পৌৰ এলেকাত চলিত পথ আৰু নৰ্দমা নিৰ্মাণৰ অগ্ৰগতিৰো খতিয়ান লয় ।