ৰঙাপৰা, ডিগবৈ, 23 চেপ্টেম্বৰ: শাৰদীয় উৎসৱৰ আগে আগে বোনাচৰ দাবীত দুখনকৈ চাহবাগিচাত শ্ৰমিকে প্ৰতিবাদী কাৰ্য্যসূচীৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তেজপুৰ ৰঙাপৰাৰ নাহৰনি চাহ বাগিচাত বোনাচক কেন্দ্ৰ কৰি সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । চাহ বাগিচা কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিক সকলক ২০ শতাংশ বোনাচ দুটা ভাগত দিয়াৰ সিদ্ধান্ত কৰে । পূজাৰ আগত ১৫ শতাংশ আৰু মাঘ বিহুৰ সময়ত ৫ শতাংশ বোনাচ প্ৰদান কৰাৰ সিন্ধান্তক কেন্দ্ৰ কৰি এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
বাগিচাৰ কেইবাশ শ্ৰমিকে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰে আৰু প্ৰতিবাদকাৰীসকলে শীঘ্ৰে ২০ শতাংশ বোনাচ প্ৰদান কৰাৰ দাবীৰে পৰিবেশ উত্তাল কৰি তোলে ৷ বিগত বৰ্ষত বাগিচা কৰ্তপক্ষই বাগিচাখনৰ শ্ৰমিকক ২০ শতাংশ বোনাচ প্ৰদান কৰিছিল যদিও এইবাৰ দুটা ভাগত ২০ শতাংশ বোনাচ শ্ৰমিকসকলক দিয়াৰ সিদ্ধান্ত কৰ্তৃপক্ষই জানিবলৈ দিয়াত বাগিচাখলৰ শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰে ৷ শ্ৰমিকসকলে পুজাৰ আগতে ২০ শতাংশ বোনাচৰ দাবী কৰিছে ৷ পৰিস্থিতি অধিক উতপ্ত হোৱাৰ বাবে ৰঙাপৰা আৰক্ষী থানাৰ এটি দল বাগিচাখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ।