তিনিচুকীয়া, ১৮ নৱেম্বৰ :চৌদিশে গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে অসম চৰকাৰে বজাই আছে ঢাক ঢোল ৷ কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ অসম অৰুণাচল-সীমান্তৰ একাংশ বনাঞ্চলত বন মাফিয়াৰ অবাধ বন ধ্বংসযজ্ঞৰ নমুনা ৷ বিশেষকৈ ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ কাকজান, নলনী আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা বন ধ্বংস অভিযানৰ এক ভয়াৱহ দৃশ্য বন্দী হৈছে কেমেৰাত ।
বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবেই বনদস্যুৱে বন ধ্বংসযজ্ঞ কৰিবলৈ সাহস পাইছে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ স্থানীয় ৰাইজৰ অভিযোগ, অসম চৰকাৰৰ বন বিভাগ এতিয়া অস্তিত্বহীন । গছপুলি ৰোপণেৰে বিশ্ব অভিলেখৰ চমক দিয়া চৰকাৰখনৰ বনাঞ্চলৰ সংৰক্ষণ আৰু সুৰক্ষা প্ৰতি তিলমানো দায়িত্ব নাই ৷ এয়া তাৰে মাত্ৰ এটা সৰু উদাহৰণ মাথোঁহে ।
স্থানীয় ৰাইজৰ অভিযোগ, তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ কাকজান, নলনী আৰু দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগত এতিয়া নিমিষতে শেষ হৈ গৈছে মূল্যবান গছসমূহ । হোলোং, লালী, শিমলু, শিলিখা আদি মূল্যৱান গছ কাটি বন মাফিয়াই এফালৰ পৰা বন ধ্বংস চলাই গৈছে ।