অসম

assam

By

Published : Mar 20, 2021, 6:26 PM IST

Updated : Mar 20, 2021, 7:19 PM IST

ETV Bharat / state

নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ডিগবৈত ৰাহুল গান্ধী

শনিবাৰে ডিগবৈৰ ৰিফাইনেৰী খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰে যুৱ নেতা ৰাহুল গান্ধীয়ে ৷ যুৱ নেতা গৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিকসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ আলোচনাত ৰাহুল গান্ধীয়ে শ্ৰমিকসকলৰ সমস্যা সন্দৰ্ভত আলোচনা কৰে ৷

নিৱনুৱা সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে ডিগবৈত ৰাহুল গান্ধী
নিৱনুৱা সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে ডিগবৈত ৰাহুল গান্ধী

তিনিচুকীয়া,20 মাৰ্চ:আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত তৈলনগৰী ডিগবৈ ৰিফাইনেৰী খেলপথাৰত শনিবাৰে উপস্থিত হয় কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী ৷ যুৱ নেতা গৰাকীয়ে তৈলনগৰীত উপস্থিত হৈ অংশগ্ৰহণ কৰে এখন সভাত ৷ ইয়াৰ লগতে ৬ টা শ্ৰমিক সংগঠনৰ সৈতে মত বিনিময় কৰি বিভিন্ন সমস্যাৰাজিৰ ওপৰত শ্ৰমিক সংগঠনৰ বিষয়-ববীয়াসকলৰ লগত আলোচনাত মিলিত হয় ৰাহুল গান্ধী ৷

ৰাহুল গান্ধীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা শ্ৰমিক সংগঠনৰ বিষয়-ববীয়াসকলৰ সৈতে বৰ্তমান চলি থকা শ্ৰমিকসকলৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰে ৷ ৰাহুল গান্ধীৰ সন্মুখত শ্ৰমিকসকলে নিজ সমস্যাসমূহ সজোৰে উপস্থাপন কৰে ৷ শ্ৰমিক প্ৰতিনিধি বৰ্গই উপস্থাপন কৰা সমস্যাসমূহক লৈ কৰা আলোচনাত শ্ৰমিকসকলে ডিগবৈ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধে শ্ৰমিকসকলে ক্ষোভ উজাৰে ।

নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ডিগবৈত ৰাহুল গান্ধী

আনহাতে ৰাহুল গান্ধীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছ চৰকাৰ হ’লে ডিগবৈ শোধনাগাৰৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হোৱা নিবনুৱা সমস্যা সমাধানৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শ্ৰমিকসকলক প্ৰতিশ্ৰুতি দিয়ে ৷

অন্য এক খবৰৰ বাবে:বাক্সাত পিষ্টল দেখুৱাই ডকাইতে লুটিলে লক্ষাধিক টকা

Last Updated : Mar 20, 2021, 7:19 PM IST

ABOUT THE AUTHOR

...view details