অসম

assam

By

Published : May 28, 2019, 9:11 PM IST

ETV Bharat / state

কাকপথাৰ জাতীয় বিদ্যালয়ত "প্ৰশ্ন মঞ্চ"অনুষ্ঠান

কাকপথাৰ জাতীয় বিদ্যালয়ত জ্ঞান বিকাশৰ চেষ্টা ৷ আয়োজন "প্ৰশ্ন মঞ্চ" নামৰ এক বিশেষ অনুষ্ঠানৰ ৷

"প্ৰশ্ন মঞ্চ"অনুষ্ঠান

শদিয়া, 28 মে' : কাকপথাৰ জাতীয় বিদ্যালয়ত "প্ৰশ্ন মঞ্চ" নামেৰে অনুষ্ঠিত হৈ যায় এক ব্যতিক্ৰমী অনুষ্ঠান ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা "প্ৰশ্ন মঞ্চ" অনুষ্ঠানত এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰা শ্ৰুতি সোণোৱালেও অংশগ্ৰহণ কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থকা কাৰ্যসূচীত বিদ্যালয়খনৰ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰশ্নৰ উত্তৰৰ যোগেদি জ্ঞান বিকাশৰ প্ৰচেষ্টা চলায় ৷

"প্ৰশ্ন মঞ্চ"অনুষ্ঠান

কাকপথাৰ কনিষ্ট মহাবিদ্যালয়ৰ প্ৰবক্তা তপন শৰ্মাই আঁতধৰা গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটোৰ যোগেদি তিনিওটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ উপকৃত হ'ব বুলি আশা কৰা হৈছে ৷ বিদ্যালয়খনত যুৱ ছাত্ৰ পৰিষদৰ এনে অনুষ্ঠানে বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ শিক্ষাৰ বাতাবৰণ জিলিকি উঠাৰ লগতে সকলোৰে সহায় সহযোগিতা পালে ভৱিষ্যতে বিদ্যালয়খনৰ পৰা ৰাজ্যৰ ভিতৰত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী ওলাব বুলিো বিদ্যালয়খনৰ অধ্যক্ষই মত প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details