অসম

assam

ETV Bharat / state

Public protest in Margherita:মাৰ্ঘেৰিটাত পথ নিৰ্মাণ নহ'লে ৰাইজে বৰ্জন কৰিব ভোট - পথ নিৰ্মাণ নহলে ৰাইজে বৰ্জন কৰিব ভোট

মাৰ্ঘেৰিটাৰ নামহোলোং- নগাঁৱত পথ নিৰ্মাণৰ দাবী তুলি তামোল পান দি ,ধুপ জ্বলাই, ভূঁই ৰুই ব্যতিক্ৰমী প্ৰতিবাদ ৰাইজৰ।

Dilapidated road in Margherita
পথৰ কাৰণে যমৰ যন্ত্ৰণা

By

Published : Jul 24, 2023, 2:51 PM IST

পথৰ কাৰণে যমৰ যন্ত্ৰণা

তিনিচুকীয়া, ২৪ জুলাই:চৰকাৰে ৰাজ্যৰ সকলো স্তৰতেই উন্নয়ন হৈছে বুলি ঢাক ঢোল বজাই থকাৰ সময়তেই গ্ৰামাঞ্চলৰ বাট- পথ সমূহৰ উন্নয়নেই প্ৰকৃত ছবিখন পোহৰলৈ আনিছে । গ্ৰামাঞ্চলৰ বহু বাট-পথ ৰোৱনীয়ে কঠিয়া ৰোব পৰা পৰিবেশ ৷ পথৰ কাৰণে এতিয়াও যমৰ যন্ত্ৰণা ভুগিব লগা হৈছে সাধাৰণ জনতাই ৷ এই পথাৰ সদৃশ পথটো হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অধীনৰ কৈলাসপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৈলাসপুৰ বেতনি তিনিআলি পৰা বিজয়পুৰ দেউৰী গাঁও সংযোগী পথ । পথৰ অৱস্থা একেবাৰেই শোচনীয় । এজাক বৰষুণতেই হৈ পৰে বোকাময়, পথাৰ সদৃশ পৰিবেশৰ ।

শাওণ মাহৰ পথাৰত ভূঁই ৰুই নিজৰ বছৰেকৰ ভাত মুঠি যোগাৰ কৰিবৰ বাবে ৰোৱনী সকলে নিজৰ খেতি পথাৰত ব্যস্ত হোৱা সময়তেই যমৰ যন্ত্ৰনা ভোগা স্থানীয় ৰোৱনী সকলে বোকাময় পথৰ পৰা পৰিত্ৰাণ পাবলৈ ওলাই আহিছে পথটোলৈ । দেওবাৰে বোকাময় পথৰ পৰা পৰিত্ৰাণ পাবলৈ তামোল পান দি, ধুপ জ্বলাই সেৱা কৰি, কোৰ মাৰি, ভূঁই ৰুই প্ৰতিবাদ সাৱ্যস্ত কৰি বৰমূৰীয়াসকলৰ দৃষ্টি গোচৰ কৰিবলৈ ওলাই আহে । বোকাময় পথটোত পথাৰত খেতিয়কসকলে কোৰ মৰাৰ দৰে কোৰ মাৰি, কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ অসম চৰকাৰ হায় হায়, বিধায়ক ভাস্কৰ শৰ্মা গ’বেক, সাংসদ ৰামেশ্বৰ তেলী হায় হায়, বিজেপি হায় হায়, আমাৰ পথ নিৰ্মাণ কৰক,পথাৰসদৃশ পথৰ মেৰামতি কৰক আদি বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও উক্ত পথটো নিৰ্মাণৰ বাবে কিন্তু লোক নিৰ্মাণ বিভাগ,মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে কৈলাসপুৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

প্ৰতিবাদকাৰীসকলে কয় যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ঠিকেই ভোট বিচাৰি আহে এইসকল জনপ্ৰতিনিধিয়ে, কিন্তু তাৰ পাচত জনতাৰ সমস্যাক পিঠি দিয়ে ৷ সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণ কৰি নিদিয়ে নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলক এই অঞ্চলটোত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাৰ লগতে ভোট বৰ্জনৰ হুংকাৰ দিছে স্থানীয় ক্ষুব্ধ ৰাইজে ।

লগতে পঢ়ক:Manipur Violence : অসমত আশ্ৰয় গ্ৰহণ 15 টা মেইটেই পৰিয়ালৰ; অধিক লোক অহাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details