তিনিচুকীয়া,19 জুন: চৰকাৰে ভূমি বেদখলকাৰী বিৰুদ্ধে চলা আভিযানৰ হাতোৰা পৰিল তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত নামফাই গাঁৱত ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে সংস্থাপিত হোৱা লোকসকলক উচ্ছেদ কৰিবলৈ যোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, ১৯৯৯ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে জাগুনৰ পৰা নাতিদুৰৈত থকা নামছিক নৈৰ পাৰত ভূমিহীন লোকক এক বিঘাকৈ ভূমি প্ৰদান কৰি সংস্থাপিত কৰা হৈছিল । পৰৱৰ্তী সময়ত অঞ্চলবাসীয়ে নামফাই অৰুণোদয় সোণোৱাল গাওঁ নামেৰে নামাকৰণ কৰি বসবাস কৰি খেতি বাতিৰে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ কিন্তু পুনৰ প্ৰশাসনে উচ্ছেদ কৰিবলৈ আহিছিল নামফাই গাঁৱত ৷
যাৰ ফলত জাগুন নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কৃষিভূমিৰ পৰা ৰাইজক চৰকাৰে উচ্ছেদ কৰাৰ প্ৰতিবাদত মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাচতে প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমা জনসম্পৰ্কৰক্ষী বিষয়াৰ জৰিয়তে মহকুমাধিপতিলৈ 4 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
মূলত জাগুন নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজৰ কৃষিভূমিত অসম চৰকাৰে উচ্ছেদ কৰা কাৰ্য বন্ধ কৰা, সোণোৱাল কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতৃবৃন্ধ আৰু প্ৰশাসনৰ মাজত অতি শীঘ্ৰে আলোচনা ব্যৱস্থা কৰা, চৰকাৰী ভাৱে সংস্থাপন কৰা নামফাই অৰুণোদয় সোণোৱাল গাঁৱৰ ৰাইজৰ ভূমি সম্পৰ্কীয় সমস্যা সমাধান নোহোৱালৈকে উক্ত ভূমিত অন্যলোকক সংস্থাপন দিয়া বন্ধ কৰা, উচ্ছেদস্থলীত আবদ্ধ হৈ থকা পশু ধনৰ সুৰক্ষা প্ৰদান আদিকে কৰি ৪টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে মহকুমাধিপতিলৈ ৷