অসম

assam

ETV Bharat / state

Protest at Makum : বিভিন্ন দল-সংগঠনৰ উদ্যোগত মাকুমত 24 ঘন্টীয়া অইল অৱৰোধ কাৰ্যসূচী - প্ৰাদেশিকীকৰণৰ দাবী

মাকুম মহাবিদ্যালয় উন্নয়ন সমিতিৰ উদ্যোগত মাকুম অঞ্চলৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, মহিলা সমিতি আৰু স্থানীয় যুৱ সংঘসমূহৰ সহযোগত মাকুম অঞ্চলত থকা তৈল খনন খাদ সমূহত 24 ঘন্টীয়া অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ ৷ মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণৰ দাবী ৷

Public Protest at Makum In Tinsukia
অইল অৱৰোধ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:05 PM IST

মাকুমত 24 ঘন্টীয়া অইল অৱৰোধ কাৰ্যসূচী

তিনিচুকীয়া, 29 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ বৃহত্তৰ মাকুম অঞ্চলত 1997 চনতে স্থাপন হোৱা মাকুম মহাবিদ্যালয় চৰকাৰীকৰণৰ উপযোগী হোৱা স্বত্ত্বেও আজিকোপতি চৰকাৰীকৰণ নোহোৱাত মাকুম অঞ্চলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, মাকুম অঞ্চলৰ বিভিন্ন দল-সংগঠন আৰু মাকুমৰ সমাজ সচেতন ব্যক্তি সকলক লৈ চলিত বৰ্ষৰ মাৰ্চ মাহত মাকুম মহাবিদ্যালয় উন্নয়ন সমিতি গঠন কৰি মাকুম মহাবিদ্যালয়ৰ চৰকাৰীকৰণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা সমূহৰ কাম-কাজ বিলাক কৰি আহিছে ৷ উল্লেখযোগ্য যে, চৰকাৰী মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্ত্তি, পাঠদানকে ধৰি বিভিন্ন সুবিধা ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰা বিপৰীতে, মাকুম মহাবিদ্যালয় ব্যক্তিগত হোৱাৰ বাবে নামভৰ্তিৰ মাচুল চৰকাৰী মহাবিদ্যালয়ৰ তুলনাত অধিক ৷ ফলত মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি অহাত যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হ’ব লগা হৈছে ৷

মাকুম মহাবিদ্যালয় উন্নয়ন সমিতিয়ে মহাবিদ্যালয়খন প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত চৰকাৰক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব লাভ কৰা নাই ৷ ফলত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ তৈল খনন বিত্তীয় প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডক মাকুম মহাবিদ্যালয়খনে বৰ্তমান জৰ্জৰিত হৈ থকা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ ওচৰত তিনিখনকৈ আবেদন দাখিল কৰিছিল ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে অইল ইণ্ডিয়া লিমিটেডেও এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

মাকুম মহাবিদ্যালয়খন উন্নয়নৰ ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেডে কোনোধৰণৰ গুৰুত্ব নিদিয়াক লৈ মাকুম মহাবিদ্যালয় উন্নয়ন সমিতিৰ উদ্যোগত মাকুম অঞ্চলৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, মহিলা সমিতি আৰু স্থানীয় যুৱ সংঘসমূহৰ সহযোগত মাকুম অঞ্চলত থকা তৈল খনন খাদ সমূহত 24 ঘন্টীয়া অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাইজৰ দাবীক গুৰুত্ব সহকাৰে লৈ এই বিষয়ত অইল ইণ্ডিয়া লিমিটেডক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে ৷

লগতে পঢ়ক :Tea garden workers protest : দুৰ্গা পূজাত ২০ শতাংশ বানচ প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ বিশাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details