তিনিচুকীয়া, ৩১ অক্টোবৰ:আৰক্ষীৰ গাফিলতিৰ বাবে থানাৰ পৰাই অভিযুক্তৰ পলায়নকলৈ আজি উত্তপ্ত হৈ পৰে বাঘজান । সোমবাৰে নিশা এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু তিনিজন ড্ৰাগছ সেৱনকাৰীক স্থানীয় ৰাইজে কৰায়ক্ত কৰি বাঘজান আৰক্ষীক গটাই দিছিল । কিন্তু আৰক্ষী থানাৰ পৰাই পুৱতি নিশা থানাৰ লকআপ খুলি পলায়ন কৰে টোপুল মৰাণ নামৰ মূল ড্ৰাগছ সৰবৰাহকাৰীটো ৷ তাৰ পাছতে স্থানীয় ৰাইজে আজি বাঘজান আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষীক জবাবদিহি কৰে ।
ক্ষুব্ধ স্থানীয় ৰাইজে " অসম আৰক্ষী হাই হাই "," বাঘজান আৰক্ষীৰ কাম নাই "," বাঘজান আৰক্ষী ঘোচখোৰ " আদি শ্ল’গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কৰে । প্ৰতিবাদকাৰী ৰাইজে আৰক্ষী থানাৰ পৰাই পলাতক ড্ৰাগছ মাফিয়া টোপুল মৰাণক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । ড্ৰাগছ মাফিয়া চিবেন মৰাণক গ্ৰেপ্তাৰ কৰাৰ লগতে বাঘজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰ আৰু এছ আই দীপক চেত্ৰীক নিলম্বন কৰাৰ দাবী জনায় ৷