অসম

assam

By

Published : Aug 10, 2019, 12:51 PM IST

ETV Bharat / state

ক'লা বজাৰত উপলব্ধ ৰাজহুৱা যোগানৰ চাউল!

জাগুনত সুলভ মূল্যৰ চাউল উপলব্ধ হৈছে ক'লা বজাৰত ৷ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন টিৰাপ সমবায় সমিতিৰ একাংশ এজেণ্টৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক দূৰ্নীতিৰ অভিযোগ ৷

ক'লা বজাৰত উপলব্ধ ৰাজহুৱা যোগানৰ চাউল

মাৰ্ঘেৰিটা, 10 আগষ্টঃ মাৰ্ঘেৰিটাৰ জাগুন টিৰাপ সমবায় সমিতিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অভিযোগ অনুসৰি দুখীয়া ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ চাউল ক'লা বজাৰত বিক্ৰী কৰি আহিছে একাংশ দুৰ্নীতিপৰায়ণ এজেন্টে ৷ যোগান বিভাগৰ ঘোচখোৰ বিষয়াৰ সৈতে লগলাগি ৰাইজৰ বাবে অনুমোদন জনোৱা ধন আত্মসাৎ কৰি আহিছে ৰাজু দেৱনাথ নামৰ এজেন্টজনে ৷ প্ৰতিগৰাকী হিতাধিকাৰীৰ কাৰ্ডৰ পৰা তেওঁলোকৰ প্ৰাপ্য় 5 কিলোগ্ৰামৰ পৰা 10 কিলোগ্ৰাম চাউল আত্মসাৎ কৰি অহা ৰাজু দেৱনাথক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

ক'লা বজাৰত উপলব্ধ ৰাজহুৱা যোগানৰ চাউল

ABOUT THE AUTHOR

...view details