শদিয়া, 26 ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰীৰ আতংক ৷ তেনে সময়তে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত আনখন অভিলাষী আঁচনি ৷ তাৰে ভিতৰত গুৰুত্বপূৰ্ণ আঁচনি হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAY ৷ কিন্তু এই আঁচনিয়ে এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ শ শ দৰিদ্ৰ ৰাইজে PMAY গৃহৰ বাবে আধাৰ কাৰ্ড প্ৰয়োজন হোৱাত ক'ভিড প্ৰট'কল ভংগ কৰি ওলাই আহিছে আধাৰ কাৰ্ডৰ বাবে ৷
ক'ভিড প্ৰট'কল ভংগ কৰি আধাৰ কাৰ্ড বিচাৰি ৰাইজৰ ভিৰ - PMAY
ওৰে নিশা উজাগৰে থাকি শতাধিক লোকে ভিৰ কৰিছেহি আধাৰ কেন্দ্ৰত ৷তদুপৰি তালাপ পঞ্চায়ত অধীনৰ গাড়ী ৰখা আস্থানত কণ-কণ ল'ৰা-ছোৱালীক লগত লৈ নিশা পাৰ কৰিছে বিভিন্ন জনে ৷উল্লেখ্য যে,একমাত্ৰ আধাৰ কেন্দ্ৰটোত দৈনিক মাত্ৰ ৩০ জনকৈ লোককহে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে ৷
তেনে এক অনুৰূপ দৃশ্য দেখা পোৱা গ'ল তিনিচুকীয়া জিলাৰ তালাপত ৷ ওৰে নিশা উজাগৰে থাকি শতাধিক লোকে ভিৰ কৰিছেহি আধাৰ কেন্দ্ৰটোত ৷ তদুপৰি তালাপ পঞ্চায়তৰ অধীনৰ গাড়ী ৰখা আস্থানত কণ-কণ ল'ৰা-ছোৱালীক লগত লৈ নিশা পাৰ কৰিছে বিভিন্ন জনে ৷ উল্লেখ্য যে, একমাত্ৰ আধাৰ কেন্দ্ৰটোত দৈনিক মাত্ৰ ৩০ জনকৈ লোককহে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা আছে ৷ এইয়া এক চিন্তনীয় বিষয় যদিও এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসন নাইবা কৰ্তৃপক্ষই ৷ তাকে লৈ এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে সচেতন মহলে ৷
লগতে পঢ়কঃবিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত