অসম

assam

ETV Bharat / state

Protests against deadly drugs:মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাকুমৰ ৰাজপথত জনতাৰ প্ৰতিবাদ - মাকুম

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাকুমৰ ৰাজপথলৈ ওলাই আহিল অজস্ৰ লোক, উত্তাল প্ৰতিবাদ ৷ নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ পূৰ্বেই আৰক্ষীয়ে বিহিত ব্যৱস্থা লওঁক ৷

Protests against deadly drugs at makum
প্ৰতিবাদ

By

Published : Jul 13, 2023, 9:24 PM IST

প্ৰতিবাদ

তিনিচুকীয়া, ১৩ জুলাই :মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌপাশে, ক্ৰমান্বয়ে যুৱ প্ৰজন্মক ঠেলি দিছে পংগুত্বৰ জীৱনলৈ ৷ তেনে সময়তে তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰিবাসী ৰাইজ সজাগ হৈ এতিয়া সৰৱ হৈ পৰিছে মাৰাত্মক ড্ৰাগছৰ লগতে সৰবৰাহকাৰীৰ বিৰুদ্ধে ৷

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত বৃহত্তৰ বাৰেকুৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কেইবাখনো বৃহৎ প্ৰতিবাদী ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ পাচত বৃহস্পতিবাৰে বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ মাকুমবাসী ৰাইজৰ সহযোগত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাকুমত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ মাকুম বন বিভাগৰ খেলপথাৰত একত্ৰিত হৈ প্ৰতিবাদকাৰীসকলে সমদল কৰি মাকুমৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ পথ অৱৰোধৰ সময়ত প্ৰতিবাদকাৰীসকলে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰক, তিনিচুকীয়া জিলাখন ড্ৰাগছমুক্ত কৰি তোলক, ড্ৰাগছ সৰবৰাহকাৰীসকলক গ্ৰেপ্তাৰ কৰক, ড্ৰাগছ সৰবৰাহকাৰী হুঁচিয়াৰ, মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে নতুন আইন প্ৰণয়ন কৰক আদি বিভিন্ন শ্ল’গানেৰে মাকুমৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷

প্ৰতিবাদস্থলীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, উপ-সভাপতি পুলিন্দ্ৰ বৰা, AJYCP তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া সম্পাদক উত্তম গোঁহাইকে আদি কৰি বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগতে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ উলাই আহিল বহু সমাজ সচেতন লোক ৷ প্ৰতিবাদস্থলীৰ পৰাই বাৰেকুৰি আঞ্চলিক যুৱ সংঘ তথা প্ৰতিবাদকাৰীসকলে বাৰেকুৰিৰ লগতে তিনিচুকীয়া জিলাখন ড্ৰাগছমুক্ত কৰিবলৈ আৰক্ষী তথা জিলা প্ৰশাসনলৈ দাবী জনায়, অন্যথা অনাগত দিনত নিজাববীয়াকৈ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া হ’ব তিনিচুকীয়া আৰক্ষী আৰু জিলা প্ৰশাসন, এই মন্তব্য কৰে তেওঁলোকে ৷

লগতে পঢ়ক :Cattle Smuggling in Tinsukia: তিনিচুকীয়াৰ পৰা বাংলাদেশলৈ প্ৰতিদিনে গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগ

ABOUT THE AUTHOR

...view details