শদিয়া, 16 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ প্ৰান্তত সোমবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ কিন্তু সাংবাদিকৰ এই বিশেষ দিনটো পালন কৰাৰ পৰা বিৰত থাকিল কাকপথাৰৰ সাংবাদিকসকলৰ লগতে প্ৰেছ ক্লাবৰ সদস্যসকল ৷ ইয়াৰ বিপৰীতে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সাংবাদিকসকলে ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কাকপথাৰ ৰাজহুৱা পুথিভঁড়ালৰ সন্মুখত প্ৰেছ ক্লাবৰ সদস্যসকলে মুখত ক’লা কাপোৰ আৰু ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কাকপথাৰৰ প্ৰেছ ক্লাবৰ - কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ সাংবাদিকৰ এই বিশেষ দিনটো পালন কৰাৰ পৰা বিৰত থাকিল কাকপথাৰৰ সাংবাদিকসকলৰ লগতে কাকপথাৰ প্ৰেছ ক্লাব ৷ ইয়াৰ বিপৰীতে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কাকপথাৰৰ সাংবাদিকসকলে ৷
![প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কাকপথাৰৰ প্ৰেছ ক্লাবৰ a_sadiya_16novmbr_press day_mintu talukdar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9557743-968-9557743-1605516032817.jpg)
সাংবাদিকৰ বিশেষ দিনটোত প্ৰতিবাদী কাৰ্যসচী গ্ৰহণ কৰে কাকপথাৰৰ প্ৰেছ ক্লাবে
সাংবাদিকৰ বিশেষ দিনটোত প্ৰতিবাদী কাৰ্যসচী গ্ৰহণ কৰে কাকপথাৰৰ প্ৰেছ ক্লাবে
প্ৰতিবাদস্থলীত হাতত প্লে’কাৰ্ড লৈ পৰাগ ভূঞা হত্যাৰ ন্যায় বিচৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা দাবী উত্থাপন কৰে সাংবাদিকসকলে ৷ তদুপৰি দেওবাৰে মিৰ্জাৰ সাংবাদিক মিলক মহন্তক জুৱাৰীয়ে কৰা অত্যাচাৰক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰেছ ক্লাবৰ লগতে আছু সদস্যসকলে ৷
লগতে পঢ়কঃসাৰৰ ছিণ্ডিকেটে কপাইছে ৰঙিয়া, হাহাকাৰ পৰিস্থিতি কৃষক ৰাইজৰ