অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল অসমৰ ভিন্ন প্ৰান্ত ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাতো ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত ৷ যোগান বিভাগৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা প্ৰতিবাদকাৰীৰ ৷
মাৰ্ঘেৰিটা, 7 অক্টোবৰ: নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী পালন কৰে । মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত পালন কৰা এই বিক্ষোভ কাৰ্যসূচীত শতাধিক আছু কৰ্মী তথা ছাত্ৰ ছাত্ৰীয়ে অংশ লয় ৷ যোগান বিভাগৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে মাৰ্ঘেৰিটাৰ আকাশ বতাহ উত্তাল কৰি তোলে ।
লগতে পঢ়ক:ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আশাৰ বতৰা