অসম

assam

ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যৰ উচিত তদন্তৰ দাবী কাকপথাৰ প্ৰেছ ক্লাবৰ - protest in kakopathar

সাংবাদিক পৰাগ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনা কৰি কাকপথাৰ প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী ৷ দোষীক উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ৷

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যৰ উচিত তদন্তৰ দাবী কাকপথাৰ প্ৰেছ ক্লাবৰ
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যৰ উচিত তদন্তৰ দাবী কাকপথাৰ প্ৰেছ ক্লাবৰ

By

Published : Nov 14, 2020, 10:31 AM IST

শদিয়া, 14 নৱেম্বৰ:পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কাকপথাৰ প্ৰেছ ক্লাবৰ ৷ এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰাগ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনা কৰি শুকুৰবাৰে কাকপথাৰ প্ৰেছ ক্লাবে পৰাগ ভূঞাৰ বাসগৃহৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷

পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী

ভূঞাৰ আত্মাৰ চিৰশান্তিৰ উদ্দেশ্যে তেওঁৰ সতীৰ্থ সাংবাদিক সকলে হাতে হাতে প্লে কাৰ্ড লৈ আৰু মমবাতি প্ৰজল্বন কৰি অতি সোনকালে ভূঞাৰ মৃত্যুৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাই ৷ ইয়াৰ লগতে সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তা প্ৰদানৰ দাবী উত্থাপন কৰাৰ লগতে পৰাগ ভূঞাৰ দোষীক শাস্তি প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী 'প্ৰতিদিন টাইম'ৰ

ABOUT THE AUTHOR

...view details