শদিয়া, 12 অক্টোবৰ: বৃহত্তৰ কাকপথাৰ অঞ্চলৰ সমস্যাসমূহ সমাধানৰ দাবীৰে সোমবাৰে কাকপথাৰ অসমীয়া দূৰ্গা পূজা মন্দিৰৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰী সকল ৷
কাকপথাৰৰ ভিন্ন সমস্যা সমাধানৰ দাবীৰে আছুৰ প্ৰতিবাদ - আছু
সোমবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বৃহত্তৰ কাকপথাৰ অঞ্চলৰ সমস্যাসমূহ সমাধানৰ দাবীৰে কাকপথাৰ অসমীয়া দূৰ্গা পূজা মন্দিৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
![কাকপথাৰৰ ভিন্ন সমস্যা সমাধানৰ দাবীৰে আছুৰ প্ৰতিবাদ আছুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9146103-thumbnail-3x2-kk.jpg)
আছুৰ প্ৰতিবাদ
শিক্ষা,স্বাস্থ্য,যাতায়াত,বিজুলী বাতিৰ যোগানকে ধৰি অঞ্চলটোৰ বহু সমস্যা সমাধানৰ বিপৰীতে বিধায়কগৰাকীয়ে দুৰ্নীতিহে সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ যাৰ বাবে সমাগত বিধানসভা নিৰ্বাচনত বিধায়ক গৰাকীক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়নি প্ৰদান কৰে আছুৰ বিষয়ববীয়া সকলে ৷