অসম

assam

বাঘজান কাণ্ডঃ ক্ষতিপূৰণৰ দাবীৰে ডুমডুমাত প্ৰতিবাদ

By

Published : Jun 20, 2020, 4:52 PM IST

শনিবাৰে বাঘজান তৈলখাদৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলক অতি শীঘ্ৰেই উচিত ক্ষতিপুৰণ প্ৰদানৰ দাবীৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ মজদুৰ সংঘ,অসম চাহ জনজাতি ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভাই ৷

protest in dumduma on the demand for relief to victims effected in baghjan fire incident
protest in dumduma on the demand for relief to victims effected in baghjan fire incident

ডুমডুমা,20 জুনঃ তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ 5 নং খাদত 26 মে’ত পাইপ ফুটাৰ ফলত অহৰহ নিৰ্গত হৈ আছিল গেছ ৷ কিন্তু সেই গেছ নিৰ্গমণে অৱশেষত বিধ্বংসী ৰূপ লৈছিল 9 জুনত ৷ তৈলখাদ বিস্ফোৰণৰ জুইয়ে বিধ্বস্ত কৰিছিল বহু লোকৰ মাটি,ভেটি ৷ এই বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভিন্ন সময়ত ভিন্ন দল-সংগঠনে দাবী জনাই আহিছে ৷

বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত চাহ জনগোষ্ঠীয় লোকৰ ক্ষতিপুৰণৰ দাবীৰে ডুমডুমাত প্ৰতিবাদ

তৈলখাদত বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলক অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা চৰকাৰে উপেক্ষা কৰাৰ প্ৰতিবাদত শনিবাৰে পুনৰ,প্ৰতিবাদত বহিল অসম চাহ মজদুৰ সংঘ,অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভা ৷ সংগঠন কেইটাৰ উদ্যোগত শনিবাৰে ডুমডুমা নগৰ খেলপথাৰত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনকেইটাই যৌথভাৱে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকো প্ৰেৰণ কৰে ৷ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলক অতি শীঘ্ৰেই উচিত ক্ষতিপুৰণ প্ৰদানৰ দাবী জনাইছে সংগঠন কেইটাই ৷ লগতে নিজৰ লাভৰ বাবে অইল ইণ্ডিয়াই চাহ বাগিছাৰ গছ উচ্ছেদ কৰি অইলৰ কাম কাজ চলাই আছে ৷ সংগঠন কেইটাই সেই বিষয়ক লৈয়ো বাৰম্বাৰ দাবী জনাই আহিছে যদিও,তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই কাৰ্য বন্ধ কৰি উচ্ছেদ কৰা স্থান সমূহত পুনৰ চাহপুলি লগোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ অন্যথা অনাগত দিনত এই কামৰ বিৰুদ্ধে দল-সংগঠন সমূহে জংগী আন্দোলন কৰিব বুলিও সকীয়নি প্ৰদান কৰে সংগঠন কেইটাৰ কৰ্মকৰ্তা সকলে ৷

লগতে পঢ়কঃবাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details