ডুমডুমা, 21 চেপ্তেম্বৰ:নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপক অধিসূচনা ২০২০ ৰ খচৰা বাতিলৰ দাবীৰে সোমবাৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডুমডুমা, ফিল'বাৰী, কাকপথাৰ, ডাঙৰী আদি আঞ্চলিক সমিতিৰ সহযোগত বাইক ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে ৷
ডুমডুমাত CAA আৰু EIA বাতিলৰ দাবীৰে AJYCPৰ প্ৰতিবাদ - protest in doomdooma
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সোমবাৰে ডুমডুমা, ফিল'বাৰী, কাকপথাৰ, ডাঙৰী আদি আঞ্চলিক সমিতিয়ে CAA আৰু EIA বাতিলৰ দাবীৰে বাইক ৰেলী বাহিৰ কৰে ৷
অতি শীঘ্ৰেই জাতিধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA খচৰা বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA খচৰা বাতিল নোহোৱা সংগঠনটোৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণে ৷ অসমতে থাকি অসমীয়া লোক সকলক সংখ্যালঘু কৰিব বিচৰা আইন কোনোৱে নিবিচাৰে ৷ দুয়োখন আইন আৰু খচৰা বাতিল নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি প্ৰদান কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক:প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ