ডুমডুমা, 9 এপ্ৰিল : শুকুৰবাৰে ডাঙৰীৰ ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ডাঙৰী আঞ্চলিক সদৌ অসম ছাত্ৰ সন্থা, নৱজ্যোতি যুৱ সংঘৰ যৌথ উদ্যোগত আৰু ডাঙৰী, ধাদুম অঞ্চলৰ স্থানীয় ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অইলৰ টেংকাৰৰ খুন্দাত নিহত হোৱা নিপ ঠাকুলিৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালবৰ্গক অইল ইণ্ডিয়াত স্থায়ী নিযুক্তি দিয়াৰ দাবীত সংগঠনকেইটাই এই কাৰ্যসূচী গ্ৰহণ কৰে ৷
ডুমডুমাৰ ডাঙৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - ২৯ মাৰ্চ
ডুমডুমাৰ ডাঙৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৷ অইলৰ টেংকাৰৰ খুন্দাত নিহত হোৱা নিপ ঠাকুলিৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপুৰণ আৰু পৰিয়ালবৰ্গক অইল ইণ্ডিয়াত স্থায়ী নিযুক্তি দিয়াৰ দাবীৰে দল-সংগঠনে কৰে এই প্ৰতিবাদ ৷
![ডুমডুমাৰ ডাঙৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ডুমডুমাৰ ডাঙৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11339861-thumbnail-3x2-aaa.jpg)
ডুমডুমাৰ ডাঙৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
ডুমডুমাৰ ডাঙৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
উল্লেখ্য যে, ২৯ মাৰ্চত অইল ইণ্ডিয়াৰ তেল পৰিবাহী এখন টেংকাৰৰ খুন্দাত নিপ ঠাকুলি নামৰ এজন লোক থিতাতে নিহত হৈছিল । এই ঘটনাৰ আজি ১২ দিন পাৰ হৈ যোৱাৰ পাছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষই পৰিয়ালটোক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নিপ ঠাকুলিৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ আৰু পৰিয়ালবৰ্গক অইল ইণ্ডিয়াত স্থায়ী নিযুক্তি দিয়াৰ দাবী জনায় । উল্লেখযোগ্য, পূৰ্বেও অইল কৰ্তৃপক্ষৰ লগত বিষয়টো লৈ দল-সংগঠনে আলোচনাত মিলিত হৈছিল যদিও অইল কৰ্তৃপক্ষই দাবী সমূহ মানি লোৱা নাছিল ৷